Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

অসম ডনবস্কো বিশ্ববিদ্যালয়ত সৌৰ ফটোভল্টিক ব্যৱস্থাৰ ওপৰত এদিনীয়া কৰ্মশালা সম্পন্ন

 

গুৱাহাটী , ১০ নৱেম্বৰ : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত অসম ডনবস্কো বিশ্ববিদ্যালয়ত আজি বৈদ্যুতিক আৰু অনু বিদ্যুৎ  অভিযান্ত্ৰিক বিভাগৰ উদ্যোগত “সৌৰ ফটোভল্টিক (পি ভি) ব্যৱস্থা” বিষয়ক এদিনীয়া কাৰিকৰী কৰ্মশালাখন অনুষ্ঠিত হয় । আনহাতে সমল ব্যক্তি হিচাপে কৰ্মশালাখন পৰিচালনা কৰে অসম ডনবস্কো বিশ্ববিদ্যালয়ৰ প্ৰযুক্তিবিদ্যা বিদ্যালয়ৰ বৈদ্যুতিক আৰু অনু বিদ্যুৎ অভিযান্ত্ৰিক বিভাগৰ সহযোগী অধ্যাপক ডঃ পাপুল চাংমাইয়ে ।

 ভাষণ প্ৰসংগত ড০ চাংমাইয়ে সৌৰ ফটোভল্টিক শক্তি ৰূপান্তৰৰ মৌলিক নীতি, সৌৰ পিভি মডিউলৰ কৰ্ম ব্যৱস্থা, বিভিন্ন ধৰণৰ সৌৰ পিভি ব্যৱস্থা, আৰু আৱাসিক, বাণিজ্যিক, আৰু উদ্যোগিক খণ্ডত ইয়াৰ প্ৰয়োগ আদিৰ ওপৰত আলোকপাত কৰে।  কৰ্মশালাখনৰ লগত সংগতি ৰাখি  বিশ্ববিদ্যালয়খনত  স্থাপন কৰা ১৬০ কিলোৱাটৰ ছাদত স্থাপন কৰা সৌৰ পিভি শক্তি কেন্দ্ৰৰ ক্ষেত্ৰ ভ্ৰমণ কৰোৱা হয়। এই ভ্ৰমণৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলক  সৌৰ  পিভি মডিউল, মাউণ্টিং গঠন, বৈদ্যুতিক সংযোগ, ইনভাৰ্টাৰ ব্যৱস্থা আৰু অন্যান্য সংশ্লিষ্ট উপাদানসমূহ পৰ্যবেক্ষণ কৰোৱা হয় ।  

কৰ্মশালাখনত বিশেষকৈ সৌৰ শক্তিচালিত শক্তিৰ ব্যৱহাৰিক প্ৰয়োগৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলৰ জিজ্ঞাসা দূৰ কৰিবলৈ চেষ্টা কৰা হয় আৰু তেওঁলোকেও ব্যৱহাৰিক অভিজ্ঞতাৰ জৰিয়তে এই দিশত কাম কৰিবলৈ উপকৃত হয় ।  ইয়াৰ উপৰিও স্বচ্ছ শক্তিৰ সমাধানৰ দিশত ব্যৱহাৰিক দক্ষতা আৰু উদ্ভাৱনীমূলক পন্থা বিকশিত কৰিবলৈও তেওঁলোকক উৎসাহিত কৰিছিল।

No comments

Powered by Blogger.