প্ৰীতি ফুটবল খেলত বিজয়ী শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰ সমাজ
গুৱাহাটী ১০নৱেম্বৰঃ গুৱাহাটী মহানগৰীৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান সুপ্ৰভাত কলাক্ষেত্ৰৰ বাৰ্ষিক খেল-ধেমালি যোৱা ৮ নৱেম্বৰ, দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ৰংঘৰ বাকৰিত অনুষ্ঠিত হয় ৷
সেইদিনা ৰাতিপুৱা ৬ বজাৰ পৰা সুপ্ৰভাত কলাক্ষেত্ৰৰ খেল সম্পাদক প্ৰেমানন্দ হাজৰিকা আৰু নীৰদা দলেৰ সুপৰিচালনাত অনুষ্ঠিত বাৰ্ষিক খেল-ধেমালিত আছিল পুৰুষ-মহিলা উভয়ৰে খোজকঢ়া আৰু দৌৰ প্ৰতিযোগিতা ৷ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ আৰু সুপ্ৰভাত কলাক্ষেত্ৰৰ মাজত অনুষ্ঠিত প্ৰীতি ফুটবল খেলখন আছিল ক্ৰীড়া সমাৰোহৰ প্ৰধান আকৰ্ষণ ৷ সুপ্ৰভাত কলাক্ষেত্ৰৰ সমূহ সদস্য-সদস্যা আৰু শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ সমাজৰ গণ্যমান্য ব্যক্তিসকলৰ উপস্থিতি আৰু সহযোগিতাই খেলুৱৈসকলক উৎসাহিত কৰাৰ লগতে খেলখন সকলোৰে উপভোগ্য কৰি তোলে ৷
প্ৰীতি ফুটবল খেলখনৰ আৰম্ভণিতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উপ সভাপতি তথা বিশিষ্ট আৰু জনপ্ৰিয় অভিনেতা, পৰিচালক প্ৰাঞ্জল শইকীয়াই উদ্বোধন কৰা উদ্বোধনী অনুষ্ঠানটোত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ, পৰিকল্পনা আৰু উন্নয়ন উপদেষ্টা জয়ন্ত কুমাৰ গোস্বামী, বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেণ সিংহ, বিশিষ্ট চিত্ৰশিল্পী মধুসুদন দাস, বিত্তীয় উপদেষ্টা দুলু কুমাৰ খাউণ্ড, সুপ্ৰভাত কলাক্ষেত্ৰৰ সভাপতি অজিত নাথ, সম্পাদক ছাহ জামাল জাকাৰিয়া, জ্যেষ্ঠ সদস্য ঠগিত নাহৰ ডেকা, ছৈয়দ হাৰনাৰ ৰহমান , অমৃত খাটনিয়াৰকে ধৰি বহুকেইগৰাকী সন্মানীয় ব্যক্তি উপস্থিত থাকে। ফুটবল খেলৰ চলন্ত বিৱৰণী দাঙি ধৰে অমৃত খাটনিয়াৰ আৰু ডঃ ছৈয়দ নচিউৰ ৰহমানে। অনুষ্ঠানটোৰ আঁত ধৰে সম্পাদক ছাহ জামাল জাকাৰিয়াই ।
প্ৰীতি ফুটবল খেলখনত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজক বিজয়ী দল ঘোষণা কৰাৰ লগতে সুপ্ৰভাত কলাক্ষেত্ৰই ৰানাৰ্ছ আপ লাভ কৰে। ইফালে মহিলাৰ খোজকঢ়া প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ ক্ৰমে জেবিন, জুৰি, দৰদী আৰু প্ৰমিলা লাগাছুয়ে। পুৰুষৰ খোজকঢ়া প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে বিপুল বৰ্মণ, পংকজ ফুকন, অখিল ডেকা আৰু দেবব্ৰত কলিতাই ৷ মহিলাৰ দৌৰ প্ৰতিযোগিতাত স্থান লাভ কৰে ক্ৰমে জেবিন,জুৰি আৰু প্ৰমিলা লাগাছুয়ে। পুৰুষৰ দৌৰ প্ৰতিযোগিতাত ক্ৰমে ৰমেন হালৈ ,পংকজ ফুকন আৰু মইনুল আলিয়ে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে৷

No comments