মালিগাঁৱত সৰ্বভাৰতীয় এছ চি আৰু এছ টি ৰেলৱে এম্পলইজ এচোছিয়েশ্যনৰ পাঁচদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ
গুয়াহাটি, ২ নৱেম্বৰ : ভাৰত চৰকাৰৰ ৰেলৱে মন্ত্ৰণালয় আৰু ৰেলৱে বৰ্ডে ভাৰতীয় ৰেলৱেত কৰ্মৰত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বিষয়া - কৰ্মচাৰীসকলৰ বাবে কেনে ধৰণৰ কল্যাণমূলক আঁচনি গ্ৰহণ কৰি আহিছে সেই দিশত সজাগতা সৃষ্টিৰ বাবে সৰ্বভাৰতীয় এছ চি আৰু এছ টি ৰেলৱে এম্পলইজ এচোছিয়েশ্যনে সময়ে সময়ে সমগ্ৰ দেশৰ বিভিন্ন ৰাজ্যত প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। তাৰ আধাৰত এচোছিয়েশ্যনৰ সৰ্বভাৰতীয় পৰ্যায়ৰ পাঁচদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী এন এফ ৰেলৱে এছ চি আৰু এছ টি এম্পলইজ এচোছিয়েশ্যনৰ উদ্যোগত মালিগাওঁ গোশালাস্থিত কনকলতা বৰুৱা ভৱনত আজিৰে আৰম্ভ হৈছে । পুৱা ৯ বজাত ভাৰত ৰত্ন বাবাচাহেব ডঃ ভীমৰাও আম্বেদকাৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰে পাঁচদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী উদ্ধোধন কৰে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্মিক বিষয়া টি এন গোণেই ।
এই উপলক্ষে এচোছিয়েশ্যনৰ এন এফ ৰেলৱে মণ্ডলৰ সভাপতি ৰিংকুমণি বৈশ্যৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোৰ আঁত ধৰে মণ্ডল সম্পাদক তাৰিণী চৰণ দাসে। অনুষ্ঠানত মুখ্য কাৰ্মিক বিষয়া টি এন গোণেই ভাষণ প্ৰসংগত ৰেলৱে বৰ্ডৰ নিৰ্দেশনা অনুসৰি ৰেলৱেত কৰ্মৰত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বিষয়া - কৰ্মচাৰীৰ বাবে থকা সা - সুবিধা , পদোন্নতি আদিৰ আলোকপাত কৰে। অনুষ্ঠানত সংগঠনটোৰ সৰ্বভাৰতীয় সভাপতি বি এল বৈৰৱা আৰু সাধাৰণ সম্পাদক অশোক কুমাৰে ভাষণ প্ৰসংগত ভাৰত চৰকাৰৰ ৰেলৱে মন্ত্ৰণালয় , ৰেলৱেৰ সংসদীয় কমিটিয়ে সময়ে সময়ে এছ চি আৰু এছ টিৰ বিষয়া - কৰ্মচাৰীৰ কল্যাণ, বদলি, পদোন্নতি আদিৰ ক্ষেত্ৰত দি অহা পৰামৰ্শৱলী আদিৰ বাখ্যা দাঙি ধৰি উপস্থিত প্ৰতিনিধি সকলক নিজ নিজ শাখাৰ জৰিয়তে এই দিশত সজাগতা সৃষ্টিৰ বাবে হাতে কামে নামি পৰিবলৈ আহ্বান জনায়।
অনুষ্ঠানত এচোছিয়েশ্যনৰ এন এফ ৰেলৱে মণ্ডলৰ মহিলা কোষৰ সভানেত্ৰী কানন দাস, সম্পাদিকা দীপিকা দাস, কাৰ্যকৰী সদস্যা ভাৰতী মাৰাক, ইথি জয়াকে ধৰি কেবাজনো কৰ্মকৰ্তা উপস্থিত থাকে। উল্লেখ্য অহা ৬ নৱেম্বৰলৈ চলিবলগীয়া আৰু দ্বিতীয়বাৰৰ বাবে অসমত অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণ কাৰ্যসূচীত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ১০০ ৰো অধিক সৰ্বভাৰতীয় ৰেলৱেৰ এছ চি আৰু এছ টি এচোছিয়েশ্যনৰ আৰু মণ্ডল কমিটি সমুহৰ ১০০ ৰো অধিক কৰ্মকৰ্তাক অনুষ্ঠানত অসমৰ স্বাভিমানৰ প্ৰতীক স্বৰূপ ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনোৱা হয়।



No comments