Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ বৈঠক সম্পন্ন


 গুৱাহাটী ,২ নৱেম্বৰ : জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ একত্ৰিংশতম বৰ্ষৰ পঞ্চমখন বৈঠক সভানেত্ৰী প্ৰজ্ঞা গোস্বামীৰ সভাপতিত্বত পহিলা নবেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয় আদৰ্শ ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয় l শাখাৰ সদস্যাসকলৰ দ্বাৰা পৰিৱেশন কৰা আৰম্ভণী সংগীতৰ পাছতে সম্পাদিকা গীতিকা দাসে বৈঠকৰ উদেশ্য ব্যাখ্যা কৰে । বৈঠকত বিশিষ্ট অভিনেতা নানা পাটেকাৰ আৰু উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডঃ সৰ্বানন্দ দাসৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয়। বৈঠকত আমন্ত্ৰণ অতিথি হিচাপে  উপস্থিত থকা চকু বিশেষজ্ঞ ডাঃ ডেইজী দাসক  ফুলাম গামোচা, স্মাৰক আৰু কিতাপৰ টোপোলাৰে আদৰণি জনোৱা হয়। ভাষণ প্ৰসংগত ডাঃ ডেইজী দাসে চকুৰ পৌষ্টি, দৃষ্টিশক্তিৰ হ্ৰাস, চকুৰ শুষ্কতা, এলাৰ্জি আদি ৰোগৰ উপৰিও জ্যেষ্ঠ নাগৰিকসকলে চকুৰ ওপৰত ল'ব লগা যত্ন, সাৱধানতা আদি সন্দৰ্ভত  পৰামৰ্শমূলক ভাষণ প্ৰদান কৰে। বৈঠকত স্বৰচিত লেখা পাঠ অনুষ্ঠানত প্ৰৱন্ধ পাঠ কৰে ৰেণু ডেকা, বৈজয়ন্তী ৰাভা , ডঃ সন্ধ্যা কলিতাই l কবিতা পাঠ কৰে অঞ্জনা হাজৰিকা আৰু অঞ্জু শইকীয়া দত্তয়ে।  

গীত পৰিৱেশন কৰে গীতিকা শৰ্মা, ৰেখা বৈশ্য আৰু ৰুণুমী নাথে। অসম সংগীতেৰে সামৰণি পৰা বৈঠকত শলাগৰ শৰাই  আগবঢ়াই ডঃ অপৰ্ণা গোস্বামীয়ে ।

No comments

Powered by Blogger.