Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

দূৰ্গা পূজাৰ সময়ত ৰাজপথত যান-বাহন আইন মানি বাহন চলাবলৈ চালকক আহ্বান পৰিবহণ মন্ত্ৰী চৰণ বড়োৰ


 

গুৱাহাটী ,১৬ অক্টোবৰ : আজিৰে পৰা ষষ্ঠী পূজাৰে আৰম্ভ হোৱা  শাৰদীয় দুৰ্গোৎসৱৰ  আনন্দময় সময়চোৱাত সকলো পথ-যানবাহন ব্যৱহাৰকাৰীকে যান-বাহন  আইন মানি চলি বাহন চলাবলৈ চালকক  আহ্বান জনাইছে ৰাজ্যৰ পৰিবহণ বিভাগৰ মন্ত্ৰী চৰণ বড়োয়ে। মন্ত্ৰী চৰণ বড়োয়ে শাৰদীয় দুৰ্গোৎসৱৰ সময়ত  সকলোকে পবিত্ৰতা আৰু সংযম ৰক্ষা কৰি চলিবলৈ আহ্বান জনাইছে । একে সময়তে মন্ত্ৰীগৰাকীয়ে উদণ্ড চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰিবহণ বিভাগৰ জিলা পৰিবহণ বিষয়া, যান-বাহন পৰিদৰ্শক , প্ৰৱৰ্তক পৰিদৰ্শকসকলক নিৰ্দেশ দিছে।


 বিশেষকৈ ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত পূজাৰ কেইদিনত উদণ্ড চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি দুৰ্ঘটনাৰ আশংকা নাইকিয়া কৰিবলৈ পৰিবহণ বিভাগৰ বিষয়াক নিৰ্দেশ মন্ত্ৰীগৰাকীয়ে । আনকি শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাক ক্ষণত ১৪ অক্টোবৰত  নিশা গুৱাহাটীৰ সদাব্যস্ত জি এছ ৰোডৰ গণেশগুৰী অঞ্চলত মন্ত্ৰী চৰণ বড়োয়ে নিজেই যান-বাহন আইন অমান্যকাৰী চালকৰ বিৰুদ্ধে অভিযান চলায়। অভিযানকালত কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসকে ধৰি কেবাজনো যান-বাহন পৰিদৰ্শক  আৰু প্ৰৱৰ্তক পৰিদৰ্শক, মহানগৰ আৰক্ষীৰ যান-বাহন শাখাৰ অতিৰিক্ত উপ আৰক্ষী আয়ুক্তকে ধৰি কেবাজনো আৰক্ষী বিষয়া উপস্থিত থাকে। অভিযানকালত মন্ত্ৰীগৰাকীয়ে সুৰাপান কৰি বাহন চলোৱা কেবাজনো চালকক ধৰা পেলোৱাৰ লগতে,দুচকীয়া বাহনৰ চালক-আৰোহী উভয়ে হেলমেট পৰিধান নকৰা, চাৰিদচকীয়া বাহনৰ চালক আৰু সন্মুখত বহি যোৱা যাত্ৰীয়ে ছিটবেল্ট ব্যৱহাৰ নকৰা, অনিয়ন্ত্ৰিত গতিবেগত বাহন চলোৱা বহু ঘটনা ধৰা পেলাই তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা পৰিবহণ বিষয়াক নিৰ্দেশ দিয়ে। 

উপস্থিত সংবাদ মাধ্যমৰ আগত মন্ত্ৰী বড়োয়ে সদৰি কৰা অনুসৰি “পথ-সুৰক্ষাই জীৱন ৰক্ষা” শাৰদীয় দুৰ্গোৎসৱৰ সময়চোৱাত  ৰাজপথত পথ সুৰক্ষা নিশ্চিত কৰাত সকলোৰে আন্তৰিক সহযোগিতা কামনা কৰিছো। কিয়নো পূজাৰ আনন্দত মতলীয়া হৈ একাংশ চালকে দ্ৰুতগতিত বাহন চলায় দুৰ্ঘটনাত পতিত হৈ নিজৰ লগতে পৰিয়ালৰ লোককো বিপদত পেলাই আহিছে। আমাৰ কথা হল পূজাৰ কেইদিনত সকলো গাড়ীচালকে যান-বাহন আইন মানি চলিহে পথত বাহন চলাব লাগিব। জৰিমণা বিহে কৰাটোৱেই আমাৰ মূল লক্ষ্য নহয়। আমাৰ মূল লক্ষ্য হল ৰাজপথত সকলোৱে যাতে পথ সুৰক্ষাৰ নীতি নিয়ম মানি চলিহে বাহন চলায়।

No comments

Powered by Blogger.