Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

সেৱা সংকল্প অভিযানৰ অধীনত কামৰূপ মহানগৰ জিলাত পঞ্চমটো স্বাস্থ্য আৰু কল্যাণ শিবিৰ সম্পন্ন


কামৰূপ মহানগৰ, ১০ অক্টোবৰ ২০২৬:

সেৱা সংকল্প অভিযানৰ অধীনত আজি কামৰূপ মহানগৰ জিলাত পঞ্চমটো স্বাস্থ্য আৰু কল্যাণ শিবিৰ অনুষ্ঠিত কৰা হয়।

ৰামছাৰাণী উন্নয়ন খণ্ড কাৰ্যালয় চৌহদত অনুষ্ঠিত স্বাস্থ্য আৰু কল্যাণ শিবিৰত অসমৰ মুখ‍্যমন্ত্ৰীৰ বিশেষ কৰ্তব‍্যৰত বিষয়া হেমন্ত চৌধুৰী উপস্থিত থাকি বিভিন্ন সেৱাসমূহ পৰিদৰ্শন কৰে।

শিবিৰত বিশেষজ্ঞ চিকিৎসকসকলে স্ত্ৰী আৰু প্ৰসূতি, শিশু, চকু, ভেষজ, অস্থিৰোগ, চৰ্ম, কাণ-নাক-ডিঙি, দন্ত, আয়ুষ আদি বিভিন্ন বিশেষজ্ঞ সেৱা আগবঢ়ায়। ইয়াৰ লগতে অসংক্ৰামক ৰোগ, যক্ষ্মা, এইচ আই ভি আদিৰ পৰীক্ষণৰ লগতে যোগা প্ৰদৰ্শণ, মানসিক স্বাস্থ‍্য, পৰিয়াল পৰিকল্পনা, পুষ্টি, স্বাস্থ্যসন্মত জীৱনশৈলী আৰু ৰোগ প্ৰতিৰোধ সম্পৰ্কে সজাগতা আৰু  পৰামৰ্শ প্ৰদান কৰা হয়।

তদুপৰি,  আয়ুষ্মান ভাৰতৰ অধীনত AB-PMJAY কাৰ্ডৰ পঞ্জীয়ন আৰু E-KYC, জন্ম-মৃত‍্যু পঞ্জীয়ণ, দিব‍্যাংজন প্ৰমানপত্ৰ(UDID),পৰীক্ষাগাৰ সেৱাৰ পৰাকে ধৰি বিনামূলীয়া ঔষধ বিতৰণ কৰাৰ লগতে প্ৰয়োজনীয় হিতাধিকাৰীসকলক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণৰ ব্যৱস্থাও কৰা হয়।

আজিৰ এই শিবিৰত মুঠ ৫১৩ গৰাকী হিতাধিকাৰীয়ে বিভিন্ন স্বাস্থ্য সেৱা লাভ কৰে।


No comments

Powered by Blogger.