Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ উদ্যোগত মহিলা কৃষক দিৱস উদযাপন


 

গুৱাহাটী,১৬ অক্টোবৰ : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞান কেন্দ্ৰ , কামৰূপৰ উদ্যোগত ১৫ অক্টোবৰত কামৰূপ জিলাৰ ৰঙিয়াৰ কণিহাস্থিত উত্তৰণ কৃষি উৎপাদক কোম্পানী লিমিটেডত 'মহিলা কৃষক দিৱস - ২০২৬' উদযাপন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত  কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ বিজ্ঞানী ডঃ ইলাক্ষী ডেকা আৰু ডঃ জুৰি তালুকদাৰে অংশগ্ৰহণ কৰে।

 ডঃ ইলাক্ষী ডেকাই চমু ভাষণত কৃষি উন্নয়ন, পশুপালন আৰু গ্ৰাম্য জীৱিকা সৃষ্টিৰ ক্ষেত্ৰত মহিলা কৃষকসকলৰ গুৰুত্বপূৰ্ণ অৱদানৰ বিষয়ে আলোকপাত কৰে। ইয়াৰ উপৰিও ডঃ ডেকাই  “জুন’টিক ৰোগ আৰু জৈৱ-সুৰক্ষা ব্যৱস্থা” শীৰ্ষক এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰে। এই প্ৰশিক্ষণত ৰোগ প্ৰতিৰোধ, পশুৰ স্বাস্থ্য সুৰক্ষা আৰু উপযুক্ত জৈৱ-সুৰক্ষা ব্যৱস্থা গ্ৰহণৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰা হয়। কাৰ্যসূচীত মুঠ ৫৭ গৰাকী অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে। 

আনহাতে  ডঃ জুৰি তালুকদাৰে ভাষণ প্ৰসংগত মহিলা কৃষকসকলক বিভিন্ন আয় বৃদ্ধিমূলক উদ্যোগ গ্ৰহণ কৰি নিজৰ জীৱিকাৰ মান উন্নত কৰাৰ লগতে সামগ্ৰিক আৰ্থ-সামাজিক বিকাশৰ দিশত আগবাঢ়ি যাবলৈ উৎসাহিত কৰে। উল্লেখ্য যে এই কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল কৃষিক্ষেত্ৰত মহিলাসকলৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি প্ৰদান কৰা, তেওঁলোকৰ কাৰিকৰী জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰা তথা বৈজ্ঞানিক কৃষি পদ্ধতি, উদ্যমিতা আৰু বহনক্ষম জীৱিকাৰ সুযোগসমূহৰ প্ৰসাৰ ঘটোৱা।

No comments

Powered by Blogger.