Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষানুষ্ঠানসমূহৰ ভিতৰত বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানীৰ তালিকাত সৰ্বাধিক প্ৰতিনিধিত্বৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাফল্য


গুৱাহাটী , অক্টোবৰ ১৬, ২০২৬: শেহতীয়াকৈ বিশ্বৰ অন্যতম প্ৰসিদ্ধ আন্তঃৰাষ্ট্ৰীয় শৈক্ষিক প্ৰতিষ্ঠান ষ্টেনফৰ্ড বিশ্ববিদ্যালয় আৰু নেদাৰলেণ্ডছৰ গৱেষণা প্ৰতিষ্ঠান এলছেভিয়াৰৰ উদ্যোগত প্ৰকাশিত ২০২৬ বৰ্ষৰ বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত উত্তৰ-পূৰ্বাঞ্চলৰ গৌৰৱ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছয়গৰাকী অধ্যাপকে নিজৰ অসাধাৰণ গৱেষণামূলক সাফল্যৰ জৰিয়তে স্থান লাভ কৰি অসম, উত্তৰ-পূৰ্বাঞ্চল তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।


বিশ্ববিদ্যালয়ৰ এ এন আৰ এফ পি এম প্ৰফেছৰ তথা প্ৰফেছৰ অফ এক্সেলেঞ্চ অধ্যাপক ভূপেন্দ্ৰ নাথ গোস্বামী, ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক প্ৰদীপ ফুকন, গণিত বিভাগৰ অধ্যাপক বিপন হাজৰিকা, ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক ৰঞ্জিত ঠাকুৰীয়া, উদ্ভিদ বিজ্ঞান বিভাগৰ ড⁰ অৰুণ কুমাৰ দত্ত তথা ইলেক্ট্ৰনিকছ এণ্ড কমিউনিকেছন ইঞ্জিনিয়াৰিঙৰ ড⁰ লাচিত দত্তই এই তালিকাত অন্তৰ্ভুক্ত হৈছে।


উল্লেখযোগ্য যে ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক জন পি. এ. ল'আই’ন্নিডিছ আৰু তেওঁৰ গৱেষণা দলে প্ৰস্তুত কৰা উক্ত তালিকাত প্ৰভাৱশালী বিজ্ঞানীসকলক চিনাক্ত কৰিবলৈ কঠোৰ মূল্যায়নৰ উচ্চ মানদণ্ড ব্যৱহাৰ কৰা হয় অধ্যাপকসকলৰ Citations, h-index, co-authorship adjusted hm-index তথা বিভিন্ন গুৰুত্বপূৰ্ণ দিশৰ ভিত্তিত তেওঁলোকক বাছনি কৰা হয়। 


গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই এই উল্লেখযোগ্য সাফল্যৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি উল্লেখ কৰে যে, “উক্ত স্বীকৃতিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাবে এক বিশেষ গৌৰৱ কঢ়িয়াই আনিছে। গৱেষণাৰ ক্ষেত্ৰত লাভ কৰা এই সফলতাই বিশ্ববিদ্যালয়খনৰ গৱেষকসকলক ভৱিষ্যতেও নতুন চিন্তা, উদ্ভাৱন আৰু উৎকৃষ্ট গৱেষণাৰ দিশত আগবাঢ়ি যাবলৈ উৎসাহিত কৰিব বুলি মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ।”


এই উল্লেখযোগ্য সফলতাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিশ্বমানৰ গৱেষণা, শৈক্ষিক উৎকৰ্ষতা আৰু উদ্ভাৱনীমূলক চিন্তাধাৰাৰ পৰিচয় দাঙি ধৰিছে। উল্লেখযোগ্য যে, বিগত বৰ্ষতো বিশ্ববিদ্যালয়ৰ অধ্যাপকে এই তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। এই ধাৰাবাহিক সাফল্য বিশ্ববিদ্যালয়খনৰ গৱেষণামূলক উৎকৰ্ষতা আৰু শৈক্ষিক ক্ষেত্ৰত অব্যাহত থকা অগ্ৰগতিৰ এক গৌৰৱময় নিদৰ্শন।

No comments

Powered by Blogger.