Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

বিশিষ্ট সাংস্কৃতিক সমালোচক কুশল হালৈৰ মৃত্যু


 জালুকবাৰী ,২২ অক্টোবৰ : বিশিষ্ট সাংস্কৃতিক সমালোচক, প্রবন্ধ লিখক সুন্দৰবড়ীৰ অঙ্গদ নগৰ নিবাসী  কুশল হালৈৰ অসুখত ভুগি ১৯ অক্টোবৰৰ দিনা নিশা মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৬ বছৰ ।  তেওঁ  আঞ্চলিক সম্পদ কেন্দ্ৰ, উত্তৰ পূবৰ গুৱাহাটী শাখাত কৰ্মৰত আছিল ।  মৃত্যুৰ সময়ত তেওঁ পিতৃ , মাতৃ, পত্নী, একমাত্ৰ পুত্ৰ সন্তান, তিনিজন ভাই - ককাইকে ধৰি বহু আত্মীয় স্বজন এৰি থৈ যায়। মৃত্যুৰ আগলৈকে তেওঁ বৃহত্তৰ সুন্দৰবড়ী অঞ্চলৰ বিভিন্ন সামাজিক , সাংস্কৃতিক , সাহিত্য  আৰু ক্ৰীড়া সংগঠনৰ লগত জড়িত হৈ আছিল। তেওঁৰ অকাল মৃত্যুত বৃহত্তৰ সুন্দৰবড়ী  অঞ্চলকে ধৰি জালুকবাৰী অঞ্চলত গভীৰ শোকৰ ছাঁ পৰে।

No comments

Powered by Blogger.