Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

বৃহত্তৰ গুৱাহাটীৰ শাৰদীয় স্মৃতিগ্ৰন্থ প্ৰতিযোগিতাত ‘নয়নতৰা’ ক্লাৱৰ প্ৰথম স্থান লাভ


 

গুৱাহাটী, ২২ অক্টোবৰ : গুৱাহাটীৰ কুমাৰপাৰাস্থিত অগ্ৰণী সামাজিক,  সাংস্কৃতিক আৰু ক্ৰীড়া অনুষ্ঠান 'নয়নতৰা ক্লাব'ৰ  উদ্যোগত শাৰদীয় দুৰ্গোৎসৱৰ লগত সংগতি ৰাখি প্ৰথমবাৰৰ বাবে বৃহত্তৰ গুৱাহাটী ভিত্তিত  আয়োজিত শাৰদীয় স্মৃতিগ্ৰন্থ - আলোচনী আৰু মুখপত্ৰ প্ৰতিযোগিতাৰ ফলাফলসমূহ ঘোষণা কৰা হৈছে। ঘোষিত ফলাফল অনুসৰি প্ৰতিযোগিতাখনত নয়নতৰা ক্লাবৰ আলোচনী ‘নয়নতৰা’ই প্ৰথম, বৃহত্তৰ ছয়মাইল লক্ষ্মী মন্দিৰ আৰ্থ-সামাজিক উন্নয়ন সমিতি আৰু দুৰ্গা পূজা উদ্‌যাপন সমিতিৰ ‘ত্ৰিলোচনী’য়ে  দ্বিতীয় আৰু ধীৰেনপাৰা–গণেশপাৰা সাৰ্বজনীন শ্ৰীশ্ৰী দুৰ্গা পূজা সমিতিৰ ‘কাত্যায়নী’য়ে তৃতীয় স্থান লাভ কৰে। প্ৰথম স্থানপ্ৰাপ্ত ‘নয়নতৰা’ৰ সম্পাদক ডঃ প্ৰণব কুমাৰ গোস্বামী, দ্বিতীয় স্থানপ্ৰাপ্ত ‘ত্ৰিলোচনী’ৰ সম্পাদক জুমি ডেকা চৌধুৰী আৰু তৃতীয় স্থানপ্ৰাপ্ত ‘কাত্যায়নী’ৰ সম্পাদক হৰকান্ত গোস্বামী আছিল। উল্লেখ্য যে বৃহত্তৰ গুৱাহাটীৰ বিভিন্ন দুৰ্গা পূজা সমিতিয়ে প্ৰকাশ কৰা শাৰদীয় স্মৃতিগ্ৰন্থ, আলোচনী আৰু মুখপত্ৰসমূহৰ সাহিত্যিক, সাংস্কৃতিক তথা সৃষ্টিশীল প্ৰতিভাক স্বীকৃতি প্ৰদান আৰু এই প্ৰকাশনসমূহৰ মান উন্নত কৰাৰ লক্ষ্যৰে নয়নতৰা ক্লাবে এই ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছিল। এই প্ৰতিযোগিতাই পূজা সমিতিসমূহৰ মাজত সাহিত্য-সংস্কৃতিৰ চৰ্চা, সৃজনশীলতা আৰু সুস্থ প্ৰতিযোগিতাৰ পৰিৱেশ গঢ়ি তোলাত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

No comments

Powered by Blogger.