জালুকবাৰী সমষ্টিৰ ১ আৰু ২ নম্বৰ ৱাৰ্ডত ১৪ টা ধৰ্মীয় - ৰাজহুৱা প্ৰতিষ্ঠানত একেদিনাই খোৱাপানী যোগান আঁচনি উদ্ধোধন
গুৱাহাটী ,৩ অক্টোবৰ : সমষ্টি পুনৰ গঠনৰ পাছত পূৰ্বৰ পশ্চিম গুৱাহাটীৰ পৰা নতুনকৈ জালুকবাৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা গুৱাহাটী পৌৰ নিগম এলেকাৰ ১ আৰু ২ নম্বৰ ৱাৰ্ডত ১৪ টা ধৰ্মীয় - ৰাজহুৱা প্ৰতিষ্ঠানত ৰাইজৰ সহায়ক হোৱাকৈ নতুনকৈ নিৰ্মাণ কৰা হৈছে ১৪ খন পানী যোগান আঁচনি। ইয়াৰে ২ নম্বৰ ৱাৰ্ডত ৮ খন আৰু ১ নম্বৰ ৱাৰ্ডত ৬ খন পানী যোগান আঁচনি জালুকবাৰী সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ উদ্যোগত ৰাজ্য চৰকাৰৰ এছ অ পি ডি - জি আঁচনিৰ অধীনত গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে নিৰ্ধাৰিত সময়ৰ ভিতৰতে ( জি এম ডি এ) নিৰ্মাণ কৰিছে। আঁচনি কেইখন হল ক্ৰমে - শ্ৰী শ্ৰী হৰিদেৱ নামঘৰ, খানামুখ আঞ্চলিক শ্মশান , খানামুখ শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰ, উদয় সমূহীয়া কেন্দ্ৰ খেলপথাৰ , গাড়ীগাওঁ নৱজ্যোতি ক্লাৱ, শ্ৰী শ্ৰী হৰি মন্দিৰ, শ্ৰী শ্ৰী ৰামকৃষ্ণ নামঘৰ , শ্যামৰায় গোহাঁই ঘৰ, মলয়া নগৰ ( পশ্চিম) ৰাজহুৱা নামঘৰ, কালী মন্দিৰ পি ডব্লিউ চক , সুন্দৰবৰী মজলীয়া বিদ্যালয়, অসম শিশু কল্যাণ সদন, শ্ৰী শ্ৰী মহা শ্যামা কালী মন্দিৰ ( সংস্কৃত কলেজ ) আৰু প্ৰাগজ্যোতিষ কলা কৃষ্টি বিকাশ কেন্দ্ৰ ।
আনহাতে আজি মাংগলিক কাৰ্যৰ মাজেৰে একেদিনাই ১৪ খন আঁচনি মুকলি কৰে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে । এই উপলক্ষে আয়োজিত অনুষ্ঠানত চমু ভাষণত হেমন্ত চৌধুৰীয়ে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী সমষ্টিৰ আন আন অঞ্চলৰ লগতে ১আৰু ২ নম্বৰ ৱাৰ্ডতো ৰাইজৰ মৌলিক সমস্যাসমূহ সমাধানৰ বাবে বিভিন্ন বিভাগৰ বিষয়া - অভিযন্তাক সময়ে সময়ে দি অহা নিৰ্দেশনাৰ ওপৰত আলোকপাত কৰি মুকলি কৰা প্ৰতিখন পানী যোগান আঁচনি যাতে কাৰ্যক্ষম হৈ থাকে তাৰ ওপৰত চকু ৰাখিবলৈ ৰাইজক আহ্বান জনায়। অনুষ্ঠানত ১ নম্বৰ ৱাৰ্ডৰ পাৰিষদ হুকুম চান্দ আলী বক্সী, ২ নম্বৰ ৱাৰ্ডৰ পাৰিষদ মুকুল কলিতা , বিজেপিৰ বিশ্ববিদ্যালয় মণ্ডল কমিটিৰ সভাপতি চিন্ময় শৰ্মাকে ধৰি কেবাজনো কৰ্মকৰ্তা, জি এম ডি এৰ কেবাজনো বিষয়া - অভিযন্তা আৰু মুকলি কৰা পানী যোগান আঁচনি সমূহৰ কমিটীৰ সভাপতি - সম্পাদক প্ৰমুখ্যে কেবাজনো কৰ্মকৰ্তা, সেই অঞ্চলৰ বহুসংখ্যক লোক উপস্থিত থাকে।



No comments