Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

গুগল মীটৰ জৰিয়তে অসম সাহিত্য সভাৰ মুম্বাই স্বৰ্ণ শাখাৰ উদ্যোগত 'জুবিন দিন' উদযাপন



গুৱাহাটী ,২২ ছেপ্টেম্বৰ :  অসম সাহিত্য সভাৰ মুম্বাই স্বৰ্ণ শাখাই ২০ ছেপ্টেম্বৰৰ দিনা সন্ধিয়া ৭  বজাৰ পৰা গুগল মীট যোগে 'জুবিন দিন' উদযাপন কৰে । সভাপতি হিৰণ ভূঞাই আদৰণি ভাষণ প্ৰদান কৰি অসমী আইৰ সুযোগ্য সন্তান, প্ৰাণৰ শিল্পী 'জুবিন গাৰ্গ'ক শ্ৰদ্ধাৰে সোঁৱৰণ কৰাৰ লগতে জুবিন গাৰ্গৰ সৃষ্টি সমূহৰ সংৰক্ষণ আৰু উচিত মূলাংকণ কৰাৰ ওপৰত গুৰুত্ব দিবলৈ অনুৰোধ কৰে। তেওঁ এটা স্বৰচিত কবিতা পাঠৰে শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সম্পাদক দীক্ষা পাঠক খাটনিয়াৰে সভাৰ উদ্দেশ্য ব্যাখ্যাৰে  সভা আৰম্ভ কৰি স্বৰচিত কবিতাৰে শ্ৰদ্ধাঞ্জলি জনায় । সভাত প্ৰাক্তন সভাপতি সুৰইয়া জাহানে জুবিন গাৰ্গৰ জীৱনৰ ওপৰত আলোকপাত কৰে । 

কবিতা পাঠ আৰু আবৃত্তিৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ক্ৰমে - সদানন্দ গগৈ, সহকাৰী  সম্পাদক মৌচুমী দাস, আলোচনী সম্পাদক ইলোৰা ভাগৱতী, প্ৰাক্তন প্ৰচাৰ সচিব গীতাঞ্জলি বৰ্মন ডেকা আৰু মিনু হাজৰিকাই। দুটা গীত পৰিৱেশনেৰে  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে  সহকাৰী  সাংস্কৃতিক সম্পাদক ৰূপলেখা বৰদলৈয়ে। প্ৰাক্তন প্ৰচাৰ সচিব দেৱীকা বৰপূজাৰীয়ে শিল্পী গৰাকীৰ সৈতে  বিভিন্ন সময়ত লগ পোৱাৰ কাহিনীৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।  প্ৰাক্তন কোষাধ্যক্ষ বিনোদ শইকীয়া চমু ভাষণত জুবিন গাৰ্গৰ মৃত্যু দিৱস নহয় জন্মদিনটোহে ৰাজহুৱাকৈ উদযাপনৰ  দাবী জনাই। আজীৱন সদস্য উত্তম দাসে বাঁহীৰ সুললিত সুৰেৰে শিপ্লী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সভাত উপস্থিত থকা আজীৱন, সদস্যসকলে শিল্পী গৰাকীক সোঁৱৰণ কৰে। উল্লেখ্য যে গুগুল মীটৰ কাৰিকৰী দিশটো  পৰিচালনা কৰিছিল  সম্পাদক দীক্ষা পাঠক খাটনিয়াৰে ।  সভাত সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি , জাতীয় কবি আনিজ উজ জামানৰ বিয়োগত এটা শোক প্ৰস্তাৱ গ্ৰহণ কৰি কবি গৰাকীলৈ সন্মান জনাই ১ মিনিট মৌনতা অৱলম্বন কৰে আৰু শোক প্ৰস্তাবটো পৰিয়াললৈ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে।  চিৰ চেনেহী মোৰ ভাষা জননীৰে আৰম্ভ হোৱা  গুগল মীটখন  'অ মোৰ আপোনাৰ দেশ' শীৰ্ষক জাতীয় সংগীতৰে সামৰণি পৰে।

No comments

Powered by Blogger.