ধাৰাপুৰ চাৰিআলি উদ্যানত মায়াবিনী ৰাতিৰ বুকুত শীৰ্ষক অনুষ্ঠানেৰে জুবিন দিৱস উদযাপন
গুৱাহাটী , ২২ ছেপ্টেম্বৰ : প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৃহত্তৰ ধাৰাপুৰ ঐক্য মঞ্চৰ উদ্যোগত ১৯ ছেপ্টেম্বৰৰ দিনা সন্ধিয়াৰ পৰা নিশালৈকে ধাৰাপুৰ চাৰিআলি উদ্যানত মায়াবিনী ৰাতিৰ বুকুত শীৰ্ষক এটা মনোৰম অনুষ্ঠান অনুষ্ঠিত হয় ।পাঁচ শতাধিক ৰাইজৰ উপস্থিতিত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটোৰ শুভাৰম্ভণি কৰে বৃহত্তৰ ধাৰাপুৰ ঐক্য মঞ্চৰ সভাপতি তপন দাস আৰু অসমীয়া সাহিত্য জগতত বিন্দাচ লেখক হিচাপে খ্যাত অভিযন্তা ত্ৰিনয়ন সন্দিকৈয়ে ।
ইয়াৰ পিছত অনুষ্ঠানটোত উপস্থিত সকলোৱে একগোট হৈ জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুত শীৰ্ষক কালজয়ী গীতটো পৰিৱেশন কৰে । বৃহত্তৰ ধাৰাপুৰ ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক কৃষ্ণকান্ত দাসে আঁত ধৰা অনুষ্ঠানটোৰ লগত সংগতি ৰাখি অসম আইডল চন্দন দাস, কল্যাণী ঠাকুৰীয়া, জিলমিল ৰূপালী জোনাক, ভাৰ্গৱজ্যোতি কলিতা আৰু .ৰিতু জেইদে জুবিন গাৰ্গৰ কেবাটাও গীত পৰিৱেশন কৰে ।
তদুপৰি সাধাৰণ সম্পাদক কৃষ্ণকান্ত দাস আৰু ডাঃ বিতোপন কলিতাই দুটি কবিতা আবৃত্তি কৰে । ঐক্য মঞ্চৰ অন্যতম সাধাৰণ সম্পাদক তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা ৰাজীৱ কলিতাই বৃহত্তৰ ধাৰাপুৰ ঐক্য মঞ্চৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কত এক চমু আলোকপাত কৰে।

.jpeg)
No comments