Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

শান্তিপুৰ হিলচাইড (পূব) নামঘৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক জন্ম মহোৎসৱ


 

গুৱাহাটী, ২২ ছেপ্টেম্বৰ ২০২৬ঃ অসমীয়া জাতীয় জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাতা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক জন্ম মহোৎসৱ উপলক্ষে শান্তিপুৰ হিলচাইড (পূব) নামঘৰ প্ৰাংগণত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জন্ম মহোৎসৱ উদযাপন কৰা হয়।

উদযাপন সমিতিৰ উদ্যোগত ২০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা এই মহোৎসৱত ধৰ্মীয়, সাংস্কৃতিক আৰু সামাজিক বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। পতাকা উত্তোলন, নাম-প্ৰসংগ, বিভিন্ন খেল-ধেমালি, চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতা, সংগীত-নৃত্য প্ৰতিযোগিতাকে ধৰি বিভিন্ন কাৰ্যসূচীত শিশু, যুৱক-যুৱতী তথা স্থানীয় ৰাইজে উৎসাহেৰে অংশগ্ৰহণ কৰে।



২১ ছেপ্টেম্বৰত পুৱা প্ৰভাত ফেৰী আৰু উষা-কীৰ্তনৰ লগতে নাম-প্ৰসংগ, নামঘোষা পাঠ, লঘু আহাৰ গ্ৰহণ আৰু বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হয়। সন্ধিয়া সাংস্কৃতিক মঞ্চ উদ্বোধন কৰে বিশিষ্ট অভিনেতা ৰাজ শৰ্মাই। অনুষ্ঠানত স্থানীয় শিল্পীসকলৰ লগতে আমন্ত্ৰিত ভক্তিৰসৰ সংগীতশিল্পী বিদ্যাসাগৰে সংগীত পৰিৱেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে। নিশাৰ অনুষ্ঠানত বিভিন্ন গীত-নৃত্য পৰিৱেশন কৰা হয়।

এই অনুষ্ঠানতে বিশিষ্ট সমাজসেৱক দেৱান ধ্ৰুৱ জ্যোতি মৰলৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিক ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱা হয়।

২২ ছেপ্টেম্বৰত আবেলি ধৰ্মালোচনী সভা আৰু বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত উদযাপন সমিতিৰ সভাপতি শ্ৰীযুত ৰমেশ মহন্তই সভাপতিত্ব কৰে। মুখ্য অতিথি হিচাপে উপস্থিত থাকে কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি শ্ৰীযুত প্ৰফুল্ল বৰ্মন। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে সান্তনা বৰুৱা।


ধৰ্মালোচনী সভাত বক্তাসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মীয়, সাহিত্যিক, সাংস্কৃতিক আৰু সামাজিক অৱদানৰ লগতে অসমীয়া সমাজ জীৱনত তেওঁৰ আদৰ্শৰ প্ৰাসংগিকতাৰ বিষয়ে আলোকপাত কৰে। ইয়াৰ পিছতে বিভিন্ন প্ৰতিযোগিতাত কৃতিত্ব অৰ্জন কৰা প্ৰতিযোগীসকলৰ মাজত বঁটা আৰু মানপত্ৰ বিতৰণ কৰা হয়।

সন্ধিয়াৰ কাৰ্যসূচীত স্থানীয় শিল্পীসকলৰ দ্বাৰা বিভিন্ন গীত-নৃত্য পৰিৱেশনৰ লগতে ভাওনা পৰিৱেশনৰ ব্যৱস্থা কৰা হৈছে।

উদযাপন সমিতিয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ, একশৰণ নামধৰ্ম, সাহিত্য, সংস্কৃতি আৰু মানৱতাবাদী চিন্তা-চেতনাক সমাজৰ প্ৰতিটো স্তৰলৈ অধিক বিস্তাৰ কৰাৰ লক্ষ্যৰে এই জন্ম মহোৎসৱৰ আয়োজন কৰিছে। সমিতিয়ে মহোৎসৱটি সফল কৰি তোলাৰ বাবে সকলো শ্ৰেণীৰ ৰাইজৰ সহায়-সহযোগিতা আৰু উপস্থিতিৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে।



No comments

Powered by Blogger.