দুদিনীয়া কাৰ্যসূচীৰে খানাপাৰাত গণেশ চতুৰ্থী মহোৎসৱ উদযাপন
গুৱাহাটী, ১৫ ছেপ্টেম্বৰ। আঠমাইল-খানাপাৰাস্থিত শ্ৰীশ্ৰী গণেশ মন্দিৰ সমিতিৰ উদ্যোগত ১৪ আৰু ১৫ ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে গণেশ চতুৰ্থী মহোৎসৱ উদযাপন কৰা হয়। মন্দিৰ সমিতিৰ সভাপতি প্ৰাঞ্জল শইকীয়া, উপ-সভাপতি গোপাল জালান, সাধাৰণ সম্পাদক অশোক শইকীয়া, কোষাধ্যক্ষ চন্দ্ৰ কমল পাঠক আৰু চম্পক দত্তৰ নেতৃত্বত অনুষ্ঠিত এই মহোৎসৱ ১৪ ছেপ্টেম্বৰত পুৱা ৬ বজাত মুখ্য পূজা-অৰ্চনাৰে শুভাৰম্ভ কৰা হয় ।
দুপৰীয়া ১২ বজাত অসমৰ লোক সংস্কৃতিৰ প্ৰতীক স্বৰূপ পাৰম্পৰিক 'নাগাৰা নাম'ৰ সুন্দৰ পৰিৱেশন আগবঢ়োৱা । বিয়লি ১ বজাৰ পৰা অনুষ্ঠিত মহাপ্ৰসাদ গ্ৰহণ অনুষ্ঠানত হাজাৰ হাজাৰ ভক্তই অংশগ্ৰহণ কৰে। ধাৰাবাহিকভাৱে দুয়োটা দিন ধৰি অনুষ্ঠিত বিভিন্ন ধাৰ্মিক অনুষ্ঠান, মহা আৰতি আৰু সাংস্কৃতিক কাৰ্যসূচীৰ অন্তত ১৫ ছেপ্টেম্বৰৰ বিয়লি এই পবিত্ৰ গণেশ মহোৎসৱৰ সামৰণি পৰে।

No comments