প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত মালিগাঁৱত তিনিদিনীয়াকৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
গুৱাহাটী,১৫ ছেপ্টেম্বৰ : সদৌ গুৱাহাটী সাংস্কৃতিক মঞ্চৰ উদ্যোগত অসমৰ সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি শিল্পী গৰাকীৰ স্মৃতিত অহা ১৭ ছেপ্টেম্বৰৰ পৰা ১৯ ছেপ্টেম্বৰলৈকে তিনিদিনীয়া কাৰ্যসূচীৰে মালিগাঁওস্থিত ছাটেল গেটৰ কালী মন্দিৰৰ সন্মুখৰ বাকৰিত এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে ।
সদৌ গুৱাহাটী সাংস্কৃতিক মঞ্চৰ মুখ্য উপদেষ্টা জাৱাদুল ইছলাম , সভাপতি কল্যাণ দে আৰু সাধাৰণ সম্পাদক মইনুদ্দিন আহমেদে এটা বিবৃতিত জানিবলৈ দিয়া মতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত যিসকল আগ্ৰহী শিল্পী বা সদস্যই গীত, নৃত্য, আবৃত্তি, জুবিন গাৰ্গৰ গীতৰ আধাৰত ৰচিত দিহা নাম বাদ্যযন্ত্ৰ বা অন্য কোনো সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে তেওঁলোকে নিজৰ নাম আৰু পৰিৱেশন কৰিবলগীয়া অনুষ্ঠানৰ বিষয়ে ৯৯৫৪৩-৮০১২৩ মবাইল নম্বৰত জনাব পাৰিব । অনুষ্ঠানটোৰ মূল লক্ষ্য হৈছে প্ৰিয় শিল্পীগৰাকীৰ অমৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰা আৰু তেওঁৰ সৃষ্টিৰাজি, সংগীত আৰু আদৰ্শক হৃদয়ত সজীৱ কৰি ৰখা।

No comments