Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

কাঁহিকুছিসহ আজাৰাৰ বিভিন্ন ঠাইত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপন



গুৱাহাটী ,২২ ছেপ্টেম্বৰ : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা ৰাজহ চক্ৰ এলেকাৰ সত্ৰ - নামঘৰকে ধৰি বিভিন্ন অনুষ্ঠান - প্ৰতিষ্ঠানত ২০ আৰু  ২১ ছেপ্টেম্বৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ তম জন্মোৎসৱ বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয়। অঞ্চলটোৰ মাজিৰগাঁৱস্থিত ঐতিহাসিক শিলপোটা সত্ৰত দুদিনীয়াকৈ উদযাপন কৰা হয়। ২০ ছেপ্টেম্বৰ প্ৰথম দিনা সন্ধিয়া সত্ৰাধিকাৰ সঞ্জয় ডেকাই বন্তি প্ৰজ্বলন কাৰ্যসূচী শুভাৰম্ভ কৰে। ইয়াৰ পিছতে সত্ৰৰ চৌহদত সহস্ৰাধিক বন্তি প্ৰজ্বলন কৰা হয়। ২১ ছেপ্টেম্বৰত  পুৱা নাম প্ৰসংগ অনুষ্ঠিত হয়।

 সত্ৰৰ পৰিচালনা সমিতিৰ  ৰত্নেশ্বৰ দাসৰ তত্বাবধানত সমগ্ৰ অঞ্চলটোত ভাগৱত লৈ বিশাল শোভাযাত্ৰা উলিওৱা হয়। আনহাতে কাঁহিকুছিস্থিত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ সমিতিৰ উদ্যোগতো দুদিনীয়াকৈ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপন কৰা হয়। প্ৰথম দিনা পুৱা সামূহিক চাফাই অভিযানৰ পিছতে সন্ধিয়া বন্তি প্ৰজ্বলন আৰু নাম প্ৰসংগ অনুষ্ঠিত কৰা হয়। 

২১ ছেপ্টেম্বৰ দ্বিতীয় দিনা পুৱা ঊষা কীৰ্তনৰ পিছত আজাৰা সাহিত্য সভাৰ সভাপতি ৰাতুল চন্দ্ৰ গোস্বামীয়ে ধৰ্মধ্বজা উত্তোলন কৰে। ইয়াৰ পিছতে ভাগৱত ভ্ৰমণৰে এক বিশাল শোভাযাত্ৰা উলিওৱা হয়। দুপৰীয়া নাম - প্ৰসংগ, ভাগৱত পাঠ অনুস্থিত কৰা হয়। সন্ধিয়া বন্তি প্ৰজ্বলনৰ পিছতে স্মৰণিকা "জ্ঞান সৰোবৰ" উন্মোচন কৰে পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যক্ষ মণিষা ভট্টাচাৰ্যই। ইয়াৰোপৰি গড়ল দৌল গোবিন্দ মন্দিৰত অভিজ্ঞানম সংগীত একাডেমীৰ উদ্যোগত তথা শ্ৰী দৌল গোবিন্দ মন্দিৰ পৰিচালনা সমিতিৰ সহযোগত, আজাৰা মণিকূট পৰিচালনা সমিতিৰ উদ্যোগত, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আজাৰা প্ৰাথমিক শাখাৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপন কৰা হয়।

No comments

Powered by Blogger.