চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত সদৌ অসম ভিত্তিক আন্তঃ-প্ৰতিষ্ঠানিক কুইজ প্ৰতিযোগিতা সম্পন্ন
জালুকবাৰী ,২৭ ছেপ্টেম্বৰ : গুৱাহাটীৰ জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত আজি প্ৰয়াত অধ্যাপক (ডাঃ) কেশৱ চন্দ্ৰ বৰ্মনৰ স্মৃতি সজীৱ কৰি ৰখাৰ উদ্দেশ্যে তৃতীয় সংখ্যক সদৌ অসম ভিত্তিক আন্তঃ-প্ৰতিষ্ঠানিক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ৰাজ্যিক পৰ্যায়ৰ এই পুৰস্কাৰমূলক কুইজ প্ৰতিযোগিতাখন মহাবিদ্যালয়খনৰ শালক্যতন্ত্ৰ বিভাগে চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় ছাত্ৰ পৰিষদৰ সহযোগত আয়োজন কৰে। বিশিষ্ট কুইজ পৰিচালক অধ্যাপক (ডাঃ) জ্যোতিৰ্ময় শৰ্মাই সঞ্চালনা কৰা প্ৰতিযোগিতাখনত অসমৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা বহুতো দলে অংশগ্ৰহণ কৰে।
প্ৰতিযোগিতাৰ আৰম্ভণিতে প্ৰয়াত অধ্যাপক (ডাঃ) কেশৱ চন্দ্ৰ বৰ্মনৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। উদ্বোধনী অনুষ্ঠানত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষ অধ্যাপক (ডাঃ) বাবুল কুমাৰ বেজবৰুৱা আৰু টেলিভিছন চেনেল এন ডি ২৪-ৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱাই প্ৰতিযোগিতাখন উদ্বোধন কৰে। অনুষ্ঠানত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অধ্যক্ষ অধ্যাপক (ডাঃ) প্ৰণৱজ্যোতি বৈশ্য, প্ৰতিযোগিতাৰ যুটীয়া সভাপতি ডাঃ অলকেশ মজুমদাৰ, মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা তথা শিক্ষক-কৰ্মচাৰীসকল উপস্থিত থাকে।
প্ৰয়াত অধ্যাপক (ডাঃ) কেশৱ চন্দ্ৰ বৰ্মনৰ সহধৰ্মিনী কবিতা বৰ্মনেও বিশেষ অতিথি হিচাপে অনুষ্ঠানত উপস্থিত থাকে। আনহাতে প্ৰাথমিক পৰ্যায়ৰ প্ৰতিযোগিতামূলক যুঁজৰ অন্তত মুঠ ছটা দলে চূড়ান্ত পৰ্যায়লৈ উত্তীৰ্ণ হয়।
চূড়ান্ত পৰ্যায়ত Apollo Hospitals (NBEMS)-ৰ ডাঃ দিব্যৰাজ দত্ত আৰু ডাঃ বিশ্বায়ন ভট্টাচাৰ্যই সৰ্বোচ্চ স্থান অধিকাৰ কৰি প্ৰতিযোগিতাৰ বিজয়ী হয়। বিজয়ী দলটোক ১৫,০০০ টকাৰ নগদ পুৰস্কাৰ আৰু মানপত্ৰ প্ৰদান কৰা হয়।
ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ভাৰ্গৱ ভূষণ বিশ্বপতি আৰু কৃষাণু কাশ্যপ বিশ্বপতিয়ে দ্বিতীয় স্থান লাভ কৰি ১০,০০০ টকাৰ নগদ পুৰস্কাৰ আৰু মানপত্ৰ লাভ কৰে। আনহাতে, তেজপুৰ বিশ্ববিদ্যালয়ৰ তাপশ তালুকদাৰ আৰু মানস জ্যোতি বৈশ্যই তৃতীয় স্থান অধিকাৰ কৰি ৭,০০০ টকাৰ নগদ পুৰস্কাৰ আৰু মানপত্ৰ লাভ কৰে।
চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ স্থান ক্ৰমে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দেৱনীল শইকীয়া আৰু সুদীপ্ত পাঠক, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ডাঃ দিশান্ত পাটোৱাৰী আৰু ডাঃ ঈশান কমল, আৰু যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অনুপম দেৱ চৌধুৰী আৰু অৰ্ণৱ ৰাজ দাসে অধিকাৰ কৰে। প্ৰতিটো দলকে ১,০০০ টকাৰ নগদ পুৰস্কাৰ আৰু মানপত্ৰ প্ৰদান কৰা হয়।ব্যক্তিগত দলসমূহৰ পুৰস্কাৰৰ উপৰি শ্ৰেষ্ঠ মহাবিদ্যালয় দলৰ চলন্ত বঁটা লাভ কৰে ভট্টদেৱ বিশ্ববিদ্যালয়ে।


No comments