Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

ৰাণী বনাঞ্চলৰ ছাটাৰগাঁৱত বনৰীয়া হাতীৰ তাণ্ডৱ ; ভঁৰাল ঘৰ ভাঙি খালে ধান


 

গুৱাহাটী, ২৭  ছেপ্টেম্বৰ :  বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা কিছু নিলগৰ ৰাণী বনাঞ্চলৰ বনগাওঁ হিচাপে পৰিচিত ছাটাৰগাঁৱত কালি  মাজনিশা  এটা প্ৰকাণ্ড বনৰীযা দঁতাল হাতীয়ে নৰেশ্বৰ ৰাভা নামৰ দুখীয়া  লোকজনৰ  পৰিয়ালয়ৰ বাসগৃহ লণ্ড–ভণ্ড কৰে। আনকি হাতীৰ তাণ্ডৱত গাঁওখনৰ লোকসকল আতংকত উজাগৰি নিশা কটাবলগীয়া হয়। জানিব পৰা মতে মাজনিশা প্ৰায় ১২ মান বজাত হাতীটোৱে নৰেশ্বৰ ৰাভাৰ ঘৰৰ  চৌহদত প্ৰৱেশ কৰি চোতালত থকা ভঁৰাল ঘৰটোৰ বেৰ ভাঙি  ভিতৰত থকা কেবা মোন ধান খাই তহিলং কৰে।

 তাৰ পাছত ভঁৰাল ঘৰটোৰ ওচৰত থকা আন এটা ঘৰ ভাঙে। গৃহস্থই চিঞৰ বাখৰ কৰাত ওচৰ পাজৰৰ লোকসকলে ওলাই আহে আৰু টৰ্চৰ পোহৰ দেখুৱাই হাই –উৰুমি কৰি হাতীটোক খেদি পঠিয়াবলৈ সক্ষম হয়।  ভূক্তভোগী নৰেশ্বৰ  ৰাভাই প্ৰকাশ কৰা মতে হাতীটোৱে প্ৰথমতে তেওঁলোকৰ ফালে চোঁচা লৈছিল যদিও আমি কোনোমতে প্ৰাণটো বচাবলৈ সক্ষম হওঁ। 

এই সন্দৰ্ভত পুৱা কোনো লোকে ৰাণীৰ আঞ্চলিক বন বিষয়া ৰজী বৰ্মনক অৱগত কৰাত আঞ্চলিক বন বিষয়া গৰাকীয়ে সজ্জনপাৰা খণ্ড বন বিষয়াক ঘটনাস্থলীলৈ প্ৰেৰণ কৰি ক্ষয় ক্ষতিৰ বুজ লয়। উল্লেখ্য যে বিগত দিনকেইটাত বৃহত্তৰ ৰাণী অঞ্চলত অৰ্দ্ধ শতাধিক লোকৰ ঘৰত বনৰীয়া হাতীৰ জাক প্ৰৱেশ কৰি ভঁৰাল ঘৰ ভাঙি কপালৰ ঘাম মাটিত পেলাই কৰা ধান খাই তহিলং কৰাত কৃষক ৰাইজ স্বাভাৱিকতে শংকিত হৈ পৰিছে। যাৰ বাবে অঞ্চলটোৰ ৰাইজে অতিৰিক্ত বনকৰ্মী নিয়োগ কৰি হলেও কৃষক ৰাইজক ৰক্ষা কৰিবলৈ দাবী জনাইছে।

No comments

Powered by Blogger.