Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

দক্ষিণ কামৰূপৰ নাট্যকাৰ - পৰিচালক - অভিনেতা সপোন কুমাৰক মাখন দেৱান বঁটা প্ৰদান


গুৱাহাটী , ২৭ ছেপ্টেম্বৰ : শিল্পী সাহায্য নিধি, অসমৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি  গুৱাহাটী  প্ৰেছ ক্লাবত ২৬ ছেপ্টেম্বৰত অনুষ্ঠিত এক অনুষ্ঠানত নিধিৰ প্রতিষ্ঠাপক সম্পাদক শিল্প প্রাণ মাখন দেৱানৰ স্মৃতিত 'মাখন দেৱান বটাঁ ২০২৬'  দক্ষিণ কামৰূপৰ পলাশবাৰী নিবাসী নাট্যকাৰ, পৰিচালক, অভিনেতা সপোন কুমাৰক প্ৰদান কৰা হয় ।

 এই বঁটাত আছে ২৫ হাজাৰ টকাৰ চেক, এখন চেলেং চাদৰ, গামোচা, মানপত্ৰ, জাপি আৰু এটা স্মাৰক। অনুষ্ঠানত সপোন কুমাৰক বঁটা প্ৰদান কৰে প্ৰবীণ  অভিনেতা তথা নিধিৰ সভাপতি  দীনেশ দাসে । অনুষ্ঠানত দক্ষিণ কামৰূপৰ বিশিষ্ট সাহিত্যিক  মইনা গোস্বামীয়ে ভাষণ প্ৰসংগত সপোন কুমাৰৰ কৰ্ময়য় জীৱনৰ ওপৰত আলোকপাত কৰে৷ অনুষ্ঠানত  বিশিষ্ট অভিনেত্রী তথা ন্যাসৰ উপ সভাপতি চেতন দাসৰ  উপৰিও নিধিৰ সম্পাদক নাচিমুল মজিদ , সিদ্ধাৰ্থ বেনাৰ্জী , অনুপ হাজৰিকা , দেৱেন দেৱান, ধৰিত্ৰী কলিতা, ৰিতু দেৱান, কিশোৰ কুমাৰ দাস, অমৰ দ্বীপ গগৈকে ধৰি সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত বহু বিশিষ্ট কোষৰবহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত  সপোন কুমাৰে বঁটা লাভ কৰা সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰে।

No comments

Powered by Blogger.