আজাৰাত গোৰ্খা সমাজৰ উদ্যোগত তীজ উৎসৱ উদযাপন
গুৱাহাটী ,৭ ছেপ্টেম্বৰ : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ চৌহদত গোৰ্খা সমাজৰ উদ্যোগত ৬ ছেপ্টেম্বৰৰ দিনা বিয়লি পৱিত্ৰ তীজ উৎসৱ উপলক্ষে গোৰ্খা সমাজৰ পৰম্পৰা আৰু সংস্কৃতিৰ প্ৰতি সন্মান জনাই আজাৰা ভি আই পিৰ সমীপৰ আৰ কে ডি ইন হোটেলৰ সভাগৃহত তীজ উৎসৱ উদযাপন কৰা হয়। মাংগলিক কাৰ্যৰ মাজেৰে পৱিত্ৰ তীজ উৎসৱৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অসমৰ মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে ।
এই উপলক্ষে নিশা গুৰুঙে আঁত ধৰা অনুষ্ঠানটোত ভাষণ প্ৰসংগত হেমন্ত চৌধুৰীয়ে গোৰ্খা লোকসকলক অসমীয়া জাতিৰ অভিন্ন অংগ বুলি ব্যক্ত কৰি নাৰী সৱলীকৰণ, সাম্প্ৰদায়িক সম্প্ৰীতি , ভাতৃত্ববোধ, একতা, আৰু নিজৰ সংস্কৃতি-পৰম্পৰা সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
ইয়াৰ উপৰিও তেওঁ এনে সুন্দৰ আৰু অৰ্থপূৰ্ণ অনুষ্ঠান আয়োজন কৰাৰ বাবে গোৰ্খা সমাজক প্ৰশংসা কৰে আৰু সমাজৰ উন্নতিৰ বাবে সকলোৱে একেলগে কাম কৰি যাবলৈ আহ্বান জনায়। অনুষ্ঠানত ৰামছাৰাণী আঞ্চলিক পঞ্চায়তৰ উপ সভাপতি গংগা চৌধুৰী , যুৱ সমাজকৰ্মী পংকজ চৌধুৰী , সৰস্বতী শৰ্মা, পূজা শৰ্মা, নাগেন্দ্ৰ আচাৰ্য্য, অম্বিকা দেৱী, বৰষা অলেকে ধৰি বহু বিশিষ্ট লোক উপস্থিত আছিল।


No comments