Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

বিশ্বৰত্ন ডঃ ভূপেন হাজৰিকা স্বৰ্ণ শাখাৰ উদ্যোগত জালুকবাৰীত সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উদযাপন




গুৱাহাটী, ৭ ছেপ্তেম্বৰ : বিশ্বৰত্ন ডঃ ভূপেন হাজৰিকা স্বৰ্ণ শাখা সাহিত্য সভাৰ উদ্যোগত ৬ ছেপ্টেম্বৰত  দিনজোৰা কাৰ্যসূচীৰে জালুকবাৰীত  সুধাকণ্ঠ ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰা হয়।  স্বৰ্ণ শাখাৰ জালুকবাৰীস্থিত অস্থায়ী কাৰ্যালয় ব্ৰহ্মপুত্ৰ গুৰুকুল একাডেমীত অনুষ্ঠিত অনুষ্ঠানটো পুৱা  ৯ বজাত সুধাকণ্ঠৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰে স্বৰ্ণ শাখাৰ সভাপতি অৱসৰপ্ৰাপ্ত অধ্যাপক হাচমত আলীয়ে আৰু প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে  উপ সভাপতি পদুম শৰ্মাই ।

  পুষ্পাঞ্জলি অৰ্পণ কৰে সম্পাদিকা জ্যোৎস্না কলিতাই। দিনৰ ১০ বজাত  স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত সুধাকণ্ঠৰ কণ্ঠেৰে নিগৰা গীতৰ মুকলি প্ৰতিযোগিতাখন  উদ্বোধন কৰে  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা খলিলুৰ ৰহমানে । অনুষ্ঠানত  শাখাৰ প্ৰাক্তন সভাপতি প্ৰমোদ দাসে ডঃ হাজৰিকাৰ জীৱন শৈলীৰ ওপৰত বক্তব্য ৰাখে।বিয়লি ১ বজাৰ পৰা আৰম্ভ হোৱা ডঃ ভূপেন হাজৰিকাৰ সুৰাৰোপিত গীতৰ আধাৰত নৃত্যৰ প্ৰতিযোগিতাখন  উদ্বোধন কৰে  সমাজসেৱিকা আৰু উপন্যাসিকা ৰুণা লাইলাই । 

  সংগীত প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰৰে  পাঁচ হাজাৰ টকাসহ গ্ৰন্থৰ টোপোলা লাভ কৰে চায়ন জ্যোতি কাশ্যপে, দ্বিতীয় পুৰস্কাৰৰে  তিনি হাজাৰ টকা লাভ কৰে স্বাশ্বতিকা শৰ্মাই , যুটীয়া ভাবে তৃতীয়  পুৰস্কাৰৰে দুই হাজাৰ টকা লাভ কৰে প্ৰনুশ্ৰী শৰ্মা আৰু বিপ্লৱ দাসে । সেইদৰে নৃত্য প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰৰে  তিনি হাজাৰ টকা লাভ কৰে আস্মিতা দাসে, দ্বিতীয় পুৰস্কাৰৰে  দুই হাজাৰ টকা লাভ কৰে দীনা কাশ্যপে আৰু তৃতীয় পুৰস্কাৰৰে  এক হাজাৰ টকা লাভ কৰে দীনা ডেকাই । পুৰস্কাৰ বিতৰণী সভাত সভাপতিত্ব কৰে স্বৰ্ণ শাখাৰ সভাপতি অৱসৰপ্ৰাপ্ত অধ্যাপক হাচমত আলীয়ে আৰু আঁত ধৰে শাখাৰ সহকাৰী সম্পাদক ভাস্কৰ মিশ্ৰই ।




 

No comments

Powered by Blogger.