গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ শিলান্যাস
গুৱাহাটী, ছেপ্তেম্বৰ ৭, ২০২৬ : উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ অন্যতম অগ্ৰণী প্ৰতিষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ে শৈক্ষিক উৎকৰ্ষ, গৱেষণা, প্ৰযুক্তিগত উদ্ভাৱন আৰু সংস্কৃতি সংৰক্ষণৰ ক্ষেত্ৰত ধাৰাবাহিকভাৱে অসমৰ সমাজ ব্যৱস্থাত নিজৰ অৱদান আগবঢ়াই আহিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাননীয় আচাৰ্য শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ উপস্থিতিত ভাৰতৰ মাননীয় উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণনে আজি অসম চৰকাৰে বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে প্ৰদান কৰা ২৫০ কোটি টকাৰ এক অংশ হিচাপে প্ৰথম পৰ্যায়ত আৱণ্টন কৰা ১১০ কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস কৰে।
জ্ঞান, গৱেষণা, প্ৰযুক্তি, ভাষা আৰু সংস্কৃতিক সকলো ক্ষেত্ৰক সমানে আগুৱাই লৈ উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ পৰিৱেশত নিজৰ ঐতিহাসিক ভূমিকাক শক্তিশালী কৰি তোলা গুৱাহাটী বিশ্ববিদ্যালয়ত উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি চন্দ্ৰকান্ত অভিধানৰ পঞ্চম সংশোধিত আৰু পৰিবৰ্ধিত সংস্কৰণ আৰু ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্ত আৰু অধ্যাপক অংকুৰণ দত্তৰ সম্পাদনাত ভাৰত, শ্ৰীলংকা, বাংলাদেশকে ধৰি পাঁচখন দেশৰ ৩১ গৰাকী গৱেষকৰ সহযোগত সম্পাদিত ‘Bhupen Hazarika: Hundred Years of a Wandering Song’ শীৰ্ষক গ্ৰন্থ উন্মোচন কৰা হয়।
মুখ্য অতিথিৰ আসন অলংকৃত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৰিমাময় ঐতিহাসিক ইতিহাসক উল্লেখ কৰি ভাৰতবৰ্ষৰ মাননীয় উপ ৰাষ্ট্ৰপতি চি চি ৰাধাকৃষ্ণনে কয় যে, "ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদৰ দ্বাৰা A+ গ্ৰেডৰ স্বীকৃতিপ্ৰাপ্ত গুৱাহাটী বিশ্ববিদ্যালয় দেশৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান। অতীজৰে পৰাই বিভিন্ন পণ্ডিতৰ পাণ্ডিত্যৰে গুৱাহাটী বিশ্ববিদ্যালয়ে বিশ্বত নিজৰ পাৰদৰ্শিতা অৰ্জন কৰি আহিছে। চন্দ্ৰকান্ত অভিধান তথা ভূপেন হাজৰিকা বিষয়ক গ্ৰন্থই অসমৰ ঐতিহ্য বহন কৰিছে। কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰৰ ২ লাখতকৈ অধিক গ্ৰন্থ আৰু ৪৫০০ ত কৈ অধিক সাঁচিপাতৰ পুথিয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিচিত্ৰতাক বহন কৰিছে।
অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত, অসম চৰকাৰৰ সহযোগত অসমৰ শিক্ষাখণ্ডত এক অভূতপূৰ্ব পৰিৱৰ্তন আহিছে। বৰ্তমান অসমত আই আই টি, এ আই আই এম এছ তাৰ অন্যতম উদাহৰণ। অসমীয়া - তামিল ভাষাৰ ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ে লোৱা পদক্ষেপ অতি প্ৰশংসনীয়।
শিক্ষাৰ্থীসকল সদায় পিতৃ-মাতৃৰ প্ৰতি দায়বদ্ধ হ'লেহে জীৱনত আগুৱাই যোৱাত সহায় হয়। জীৱনত আগুৱাই যোৱাৰ বাবে কি কৰিম, কেতিয়া কৰিম তাৰ সিদ্ধান্ত লোৱাটো অতি প্ৰয়োজনীয়।"
অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ শৈক্ষিক অৱদানৰ প্ৰশংসা কৰি উল্লেখ কৰে যে, “অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম শ্ৰেষ্ঠ শিক্ষানুষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ে প্ৰতিষ্ঠা কালৰে পৰা শিক্ষা, গৱেষণা, উদ্ভাৱন আৰু সমাজৰ বৌদ্ধিক বিকাশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। সন্মানীয় উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনদেৱে শিক্ষাখণ্ডক বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী হিচাপে তেখেতক আদৰণি জনাবলৈ পাই সুখী অনুভৱ কৰিছোঁ।
তিনিশতকৈ অধিক মহাবিদ্যালয়ৰ সৈতে বিশ্ববিদ্যালয়খনে বৃহৎ সংখ্যক শিক্ষাৰ্থীক উচ্চ শিক্ষাৰ সুযোগ প্ৰদান কৰি আহিছে। বিভিন্ন ভাষা আৰু আমাৰ সমৃদ্ধ ভাষিক-সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ আৰু গৱেষণাৰ ক্ষেত্ৰতো বিশ্ববিদ্যালয়খনৰ ভূমিকা প্ৰশংসনীয়। এই কামত অসম চৰকাৰে সকলো প্ৰয়োজনীয় সহযোগিতা আগবঢ়াব।
আমাৰ লক্ষ্য কেৱল শিক্ষিত যুৱক-যুৱতী নহয়, বিশ্বৰ সৈতে প্ৰতিযোগিতা কৰিব পৰা দক্ষ, উদ্ভাৱনী আৰু আত্মবিশ্বাসী যুৱ প্ৰজন্ম গঢ়ি তোলা। ‘বিকশিত ভাৰত’ৰ সংকল্প বাস্তৱায়িত কৰাৰ এই যাত্ৰাত গুৱাহাটী বিশ্ববিদ্যালয়ে আগন্তুক দিনতো নেতৃত্ব দিব বুলি আমি আশাবাদী।''
আদৰণি ভাষণ প্ৰদান কৰি উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তদেৱে মাননীয় মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু তথা অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰি নিজৰ ভাষণত উল্লেখ কৰে যে, "গুৱাহাটী বিশ্ববিদ্যালয়ৰ দায়িত্ব কেৱল ইয়াৰ গৌৰৱময় ঐতিহ্য সংৰক্ষণ কৰাত সীমাবদ্ধ নহয়, সময়ৰ সৈতে খাপ খুৱাই জ্ঞান, গৱেষণা, প্ৰযুক্তি আৰু সংস্কৃতিৰ নতুন সম্ভাৱনাক আগুৱাই নিয়াটোও আমাৰ দায়িত্ব। শৈক্ষিক উৎকৰ্ষৰ লগতে শিক্ষাৰ্থীসকলক ভৱিষ্যতৰ সুযোগ আৰু প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ সু-সংগঠিতভাৱে প্ৰস্তুত কৰি তোলাই আমাৰ মূল লক্ষ্য।
ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদৰ দ্বাৰা A+ গ্ৰেডৰ স্বীকৃতিপ্ৰাপ্ত গুৱাহাটী বিশ্ববিদ্যালয় হৈছে ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰণয়ন কৰা দেশৰ অন্যতম আগশাৰীৰ বিশ্ববিদ্যালয়। গুৱাহাটী বিশ্ববিদ্যালয়ে সময়ৰ সৈতে খোজ মিলাই নতুন নতুন পাঠ্যক্ৰম আৰু শৈক্ষিক উদ্যোগ গ্ৰহণ কৰিছে। NIELIT-ৰ সহযোগত ছেমিকণ্ডাক্টৰ উদ্যোগক কেন্দ্ৰ কৰি কাৰিকৰী পাঠ্যক্ৰম, লগতে AI, চাইবাৰ ছিকিউৰিটি আৰু মেচিন লাৰ্নিঙৰ বাবে অত্যাধুনিক পৰীক্ষাগাৰ স্থাপনৰ কাম আগবঢ়াই নিয়াটো অন্যতম। একেদৰে জলবায়ু পৰিৱৰ্তন অধ্যয়নৰ বাবে GU-TERI Centre for Himalayan Studies, পৰিৱেশ্য কলা কেন্দ্ৰৰ উদ্যোগত স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰা তথা টাই ভাষা বিষয়ক পাঠ্যক্ৰম চলাই নিয়াটো অন্যতম। অসমীয়া ভাষাৰ লগতে তামিল ভাষাৰ গৱেষণা, সম্প্ৰসাৰণৰ ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে।
২০২৬ চনৰ আগষ্টৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ে উত্তৰ-পূব ভাৰতৰ প্ৰথমখন উচ্চ শিক্ষানুষ্ঠান হিচাপে Quantum Technology-ৰ Undergraduate Minor Degree আৰু Forensic Psychology-ৰ Diploma Programme-ও আৰম্ভ কৰিছে। এই পদক্ষেপসমূহে শিক্ষাৰ্থীসকলক ভৱিষ্যতৰ নতুন সম্ভাৱনাৰ বাবে প্ৰস্তুত কৰিব। আমি আশাবাদী, অসমৰ ৰাইজ তথা অসম চৰকাৰৰ সহায়-সহযোগত অনাগত দিনত গুৱাহাটী বিশ্ববিদ্যালয়ে দেশ তথা বিশ্ব ভিতৰত অন্যতম শ্ৰেষ্ঠ বিশ্ববিদ্যালয় হিচাপে চিহ্নিত হ'ব।”
অনুষ্ঠানত পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই বৰ্তমান সমাজত উদ্বেগজনকভাৱে বৃদ্ধি পোৱা ড্ৰাগছৰ অপব্যৱহাৰ আৰু ইয়াৰ ভয়াৱহ পৰিণতিৰ বিৰুদ্ধে জনসচেতনতা গঢ়ি তোলাৰ লক্ষ্যৰে এক ড্ৰাগছ বিৰোধী শপত বাক্য পাঠ কৰায়।
উল্লেখ্য যে উক্ত প্ৰকল্পটোৰ অধীনত নতুন শৈক্ষিক ভৱন, ছাত্ৰাবাস, পুথিভঁৰাল আৰু প্ৰেক্ষাগৃহৰ আধুনিকীকৰণকে ধৰি বিভিন্ন উন্নয়নমূলক কাম সম্পন্ন কৰা হ'ব।
উক্ত গৌৰৱময় অনুষ্ঠানত অসমৰ মুখ্য সচিব শ্ৰী ৰবি কোটা, সন্মানীয় মন্ত্ৰী তথা বিধায়কসকল, শৈক্ষিক পঞ্জীয়ক অধ্যাপক ৰাজীৱ সন্দিকৈ, বিধানসভাৰ সদস্য, সংসদৰ সদস্য বিশিষ্ট জ্যেষ্ঠ ৰাজ্য চৰকাৰৰ বিষয়া, কাৰ্যবাহী পৰিষদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিষদ, বিভিন্ন অনুষদৰ ডীন, অধ্যাপক, বিষয়া, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংযুক্ত মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু শিক্ষক, বিশিষ্ট অতিথি, আৰু ইলেক্ট্ৰনিক আৰু ছপা মাধ্যমৰ লোকসকল উপস্থিত থাকে।


No comments