মধুপুৰ সত্ৰৰ বেদখল উচ্ছেদসহ ধুবুৰী - ফুলবাৰী সেঁতুৰ নাম মহাৰাজ বিশ্বসিংহ নৰনাৰায়ণৰ নামত নামকৰণ , ঐতিহাসিক গোঁসাই কমল আলি পুনৰ নিৰ্মাণ কৰাৰ দাবীত অসমৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কোচবিহাৰৰ ৰাজ পৰিয়ালৰ
গুৱাহাটী ,২৪ ছেপ্টেম্বৰ : ৰাজ্যৰ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই যোৱা ১৯ ছেপ্টেম্বৰত পশ্চিমবংগৰ কোচবিহাৰত থকা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহা প্ৰয়াণ হোৱা ঐতিহাসিক মধুপুৰ ধাম সত্ৰত উপস্থিত হৈ সত্ৰখন পৰিদৰ্শন কৰে । পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে অসম চৰকাৰৰ মন্ত্ৰীদ্বয় অশোক সিংঘাল আৰু অশ্বিনী ৰায় সৰকাৰ, পশ্চিমবংগ চৰকাৰৰ মন্ত্ৰীদ্বয় নিশিথ প্ৰামাণিক আৰু মালতী ৰাভা ৰায় , কোচবিহাৰৰ স্থানীয় বিধায়কসহ কোচবিহাৰ জিলা প্ৰশাসনৰ কেবাজনো বিষয়াই। আনহাতে পৰিদৰ্শন কালত কোচবিহাৰৰ মহাৰাজ নৰনাৰায়ণৰ বংশধৰ তথা কোচবিহাৰৰ ৰাজ পৰিয়ালক প্ৰতিনিধিত্ব কৰি অহা দ্যা কোচবিহাৰ ৰয়েল ফেমিলী চাকছেৰ্চৰ ওৱেলফেয়াৰ ট্ৰাষ্টৰ এটা সঁজাতি দলেও মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰে। ট্ৰাষ্টৰ সভাপতি কুমাৰ জিতেন্দ্ৰ নাৰায়ণ, মুখপাত্ৰ কুমাৰ মৃদুল নাৰায়ণৰ নেতৃত্বত যোৱা সঁজাতি দলটোৱে অসমৰ মুখ্যমন্ত্ৰীক প্ৰদান কৰা স্মাৰক পত্ৰত ঐতিহাসিক মধুপুৰ ধাম সত্ৰখনৰ বেদখল হোৱা মাটি বেদখলমুক্ত কৰি সেই মাটি পুনৰ উদ্ধাৰ কৰা, বৈকুণ্ঠপুৰৰ দামোদৰ ধামৰ উন্নয়নসাধন কৰাৰ লগতে সীমাৰ দেৱাল নিৰ্মাণ কৰা, ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণৰত অৱস্থাত থকা অসমৰ ধুবুৰী আৰু মেঘালয়ৰ ফুলবাৰী সংযোগী সেঁতুখনৰ নামটো মহাৰাজ বিশ্বসিংহ নৰনাৰায়ণৰ নামত নামকৰণ কৰা, অসম - পশ্চিমবংগৰ সীমান্তত থকা কৰ্মতীৰ্থ ভৱনক পৰ্য্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলা, এটা সময়ত অসম - পশ্চিমবংগ সংযোগী ঐতিহাসিক গোহাঁই কমল আলি নামৰ প্ৰায় ৩৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথচোৱা পুনৰ নিৰ্মাণ কৰা, অসম আৰু পশ্চিমবংগৰ পৰম্পৰাগত সংস্কৃতি সংৰক্ষণ কৰা, অসম - পশ্চিমবংগ সীমান্তত মহাবীৰ চিলাৰায়ৰ সুবৃহৎ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা, ঐতিহাসিক মধুপুৰ ধাম সত্ৰকে ধৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতি বিজড়িত উত্তৰ বংগৰ সকলো সত্ৰ আৰু নামঘৰৰ উন্নয়ন সাধন কৰাৰ বাবে দাবী জনোৱা হয়। ৰাজ পৰিয়ালৰ হৈ কুমাৰ জিতেন্দ্ৰ নাৰায়ণ , কুমাৰ মৃদুল নাৰায়ণ আৰু কুমাৰ ব্ৰজেন্দ্ৰ নাৰায়ণে জানিবলৈ দিয়া মতে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মধুপুৰ সত্ৰৰ উন্নয়নৰ বাবে ৩৫ কোটি টকাৰ আঁচনি গ্ৰহণ কৰা হৈছে বুলি কৰা ঘোষণাক আমি আদৰণি জনাইছো। একে সময়তে অসমৰ মুখ্যমন্ত্ৰীৰ আগ্ৰহৰ প্ৰতি সঁহাৰি জনাই পশ্চিমবংগ চৰকাৰেও মধুপুৰ ধাম সত্ৰখনৰ উন্নয়ন সাধনৰ বাবে ৩০ কোটি টকা প্ৰদান কৰিব বুলি কৰা ঘোষণাকো আমি আদৰণি জনাইছো। আমি আশা ৰাখিছো দুইখন চৰকাৰৰ সমূহীয়া প্ৰচেষ্টাৰে ঐতিহাসিক মধুপুৰ ধাম সত্ৰখন পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ উন্নীত হব। আমি পশ্চিমবংগত বসবাস কৰিলেও কোচবিহাৰত অসমীয়া মানুহ লগ পালে একাত্ম অনুভৱ কৰো।

No comments