গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়াকৈ শ্রীমন্ত শঙ্কৰদেৱ ঐতিহ্য সমাৰোহ
গুৱাহাটী ,২৪ ছেপ্টেম্বৰ :শ্রীমন্ত শঙ্কৰদেৱ ঐতিহ্য সমাৰোহ অহা ৮ আৰু ৯ অক্টোবৰত স্বর্গীয়া বীণা চৌধুৰীৰ সোঁৱৰণত গুৱাহাটীৰ আগশাৰীৰ শিক্ষানুষ্ঠান শ্রীমন্ত শঙ্কৰ একাডেমী, দিছপুৰ আৰু পশ্চিম গুৱাহাটীৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ সহযোগত বিশ্ববিদ্যালয় চৌহদত অনুষ্ঠিত হ'ব। ২৩ ছেপ্টেম্বৰত গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত এইকথা সদৰি কৰে দিছপুৰস্থিত শ্ৰীমন্ত শংকৰ একাডেমীৰ শিক্ষক তথা উদ্যোক্তা প্ৰণামিকা গোস্বামীয়ে। তেওঁ লগতে কয়-আমি শ্রীমন্ত শঙ্কৰ একাডেমী, দিছপুৰে বিগত কেইবা বছৰ ধৰি শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ নীতি, আদর্শ শিৰগত কৰি ছাত্ৰ-ছাত্ৰীৰ মাজত আন্তঃবিদ্যালয় স্বর্গীয়া বীণা চৌধুৰী সোঁৱৰণী বৰগীত প্রতিযোগিতাৰ আয়োজন কৰি আহিছো।
যুৱনেত্রী তথা শ্ৰীমন্ত শঙ্কৰ একাডেমী আৰু গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ কৰ্ণধাৰ মণ্ডলীৰ এগৰাকী সদস্য কুংকি চৌধুৰীৰ একান্ত ইচ্ছাত তৰুণ প্ৰজন্মক গুৰুজনাৰ আদৰ্শ, অৱদান আৰু কৰ্মৰাজিৰ বিষয়ে অবগত কৰোৱাৰ লগতে অসমীয়া জাতীয় জীৱনত ইয়াৰ প্ৰভাৱ আৰু প্ৰয়োজনীয়তা সম্পর্কে আগ্ৰহী কৰি তুলিবলৈ এই অনুষ্ঠানটো আয়োজন কৰিব বিচৰা হৈছে। শ্রীমন্ত শঙ্কবদেৱ ঐতিহ্য সমাৰোহ শীর্ষক এটি অনুষ্ঠানটিত অসমৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত একাদিক্রমে বৰগীত প্রতিযোগিতা, সত্রীয়া নৃত্য প্রতিযোগিতা, ৰচনা প্রতিযোগিতা, কুইজ প্ৰতিযোগিতা, চিত্ৰাংকণ প্রতিযোগিতাৰ লগতে মুখা নিৰ্মাণ প্ৰণালী আৰু সাঁচিপাতৰ পুথিৰ অক্ষৰবিণ্যাস বিষয়ক এখনি কর্মশালা আৰু প্রদর্শনী অনুষ্ঠিত কৰা হ'ব।
'শ্রীমন্ত শঙ্কৰদেৱ ঐতিহ্য সমাৰোহ' শীর্ষক এটি অনুষ্ঠানটিৰ লগত সংগতি ৰাখি মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ জীৱন, কৰ্মৰাজি তথা তেওঁৰ আদৰ্শ বিষয়ক এখনি আলোচনা চক্ৰৰো আয়োজন কৰা হৈছে। এই আলোচনা চক্রখনিত কেইবাগৰাকীও শংকৰী সংস্কৃতিৰ সাধক, প্রাজ্ঞ শিল্পীয়ে অংশ গ্রহণ কৰিব। সংবাদ মেলত গিৰিজানন্দ চৌধুৰী ইউনিভাৰ্চিটিৰ মেকানিকেল ইঞ্জিনীয়াৰ বিভাগৰ সহকাৰী অধ্যাপক ডঃ ধীমান ভূঞা , অনুষ্ঠানৰ বিষয়ববীয়া ডঃ পূজা সেন আদি উপস্থিত থাকে।

No comments