Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

গুৱাহাটী বিশ্ববিদ্যালয় কৰ্মী সন্থাৰ সাধাৰণ সম্পাদক জাকিৰ চৌধুৰীক ৰাষ্ট্ৰীয় সম্পাদক হিচাপে নিৰ্বাচিত।


 

 গুৱাহাটী, ২৪ ছেপ্টেম্বৰ: গুৱাহাটী বিশ্ববিদ্যালয় কৰ্মী সন্থাৰ  সাধাৰণ সম্পাদক জাকিৰ চৌধুৰী সদৌ ভাৰত বিশ্ববিদ্যালয় কৰ্মী মহাসংঘৰ ৰাষ্ট্ৰীয় সম্পাদক হিচাপে নিৰ্বাচিত হয়। হাইদৰাবাদৰ ওচমানিয়া বিশ্ববিদ্যালয়ত যোৱা ইং ১০-১২ ছেপ্টেম্বৰত অনুষ্ঠিত সদৌ ভাৰত  বিশ্ববিদ্যালয় কৰ্মী মহাসংঘৰ অধিবেশনত জাকিৰ চৌধুৰী ৰাষ্ট্ৰীয় সম্পাদক হিচাবে  নিৰ্বাচিত হয়। উক্ত অধিবেশণৰ লগতে ৰাষ্ট্ৰীয় আলোচনা চক্ৰ "Status of Higher Education" আয়োজন কৰা হয়। যত বৰ্তমানৰ উচ্চ শিক্ষাৰ বিষয়ে এক উচ্চ পৰ্য্যায়ৰ পৰ্যালোচনা ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অহা প্ৰতিনিধি সকলে যোগদান কৰাৰ লগতে নিজৰ নিজৰ মত দাঙি ধৰে। উল্লেখযোগ্য যে সদৌ অসম  বিশ্ববিদ্যালয় কৰ্মী সাধাৰণ সম্পাদক জাকিৰ চৌধুৰীয়ে তেওঁৰ ওপৰত দিয়া গুৰু দায়িত্ব পালন কৰাৰ লগতে বিশ্ববিদ্যালয়ৰ সন্মান অক্ষুণ্ণ ৰাখিব বুলি জানিবলৈ দিয়ে।লগতে  তেওঁৰ ওপৰত বিশ্বাস ৰখাৰ বাবে সদৌ ভাৰত  বিশ্ববিদ্যালয় কৰ্মী মহাসংঘৰ নেতৃত্বৰ শলাগ জনায় । ইফালে বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰাও জাকিৰ চৌধুৰীক শুভেচ্ছা জ্ঞাপন কৰা হয়।

No comments

Powered by Blogger.