পানী যোগান ব্যৱস্থাকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবীত বাঁহ বান্ধি পথ অৱৰোধ অসম অভিযান্ত্ৰিক মহাবিদ্যালযৰ তিনিটা ছাত্ৰাবাসৰ আৱাসীৰ
গুৱাহাটী ,২৯ ছেপ্টেম্বৰ : জালুকবাৰীত থকা অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ তিনিটা ছাত্ৰাবাস ক্ৰমে - ১,২ আৰু ৪ ৰ আৱাসীসকলে বিগত এটা সপ্তাহতকৈ অধিক দিন ধৰি পানীকে ধৰি বিভিন্ন সমস্যাত ভুগি থকা স্বত্বেও মহাবিদ্যালয় কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাত ২৮ ছেপ্টেম্বৰৰ পৰা বাঁহ বান্ধি পথ অৱৰোধ কৰি প্ৰতিবাদী কাৰ্যসূচীত ভাগ লোৱা পৰিলক্ষিত হৈছে। আৱাসীসকলে কৰা অভিযোগ অনুসৰি মহাবিদ্যালয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে প্ৰায় এটা সপ্তাহ ধৰি তেওঁলোকৰ আৱাসলৈ পানী যোগান ব্যৱস্থাটো ব্যাহত হৈ পৰিছে। ফলত তেওঁলোক ভীষণ অসুবিধাৰ সন্মুখীন হবলগীয়া হৈছে।
যাৰ বাবে সমস্যা সমাধানৰ দাবীত তিনিওটা আবাসত থকা প্ৰায় ২৭০ জন শিক্ষাৰ্থীয়ে সমূহীয়াভাৱে ২৮ ছেপ্টেম্বৰৰ পৰা সন্ধিয়াৰ পৰা অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা সাতমাইল সংযোগী পথটো বাঁহ বান্ধি অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰতিবাদত ভাগ লোৱা শিক্ষাৰ্থীসকলে হাতে হাতে বেনাৰ, প্লে-কাৰ্ড লৈ পানীৰ সমস্যা সমাধান কৰক, আমাক গা ধুবলৈ সুযোগ দিয়ক, মহাবিদ্যালয় কৰ্তৃপক্ষ হায় হায় ধ্বনি দি আকাশ বতাহ মুখৰিত কৰি তোলে। শিক্ষাৰ্থীসকলে সদৰী কৰা মতে, খোৱাপানী যোগান ব্যৱস্থা অনুন্নত হোৱাৰ লগতে ছাত্ৰৱাসসমূহত বহু সময়ত বিদ্যুৎ কর্তনে কর্তনে সমস্যাৰ সৃষ্টি কৰি আহিছে। মহাবিদ্যালয়খনৰ ছাত্ৰ সমাজে এই সমস্যাসমূহ সমাধানৰ দাবীত বিভিন্ন সময়ত প্রতিবাদ সাব্যস্ত কৰি অহাৰ পিছতো কর্তৃপক্ষই কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই।
যাৰ বাবে সোমবাৰৰ পৰা শিক্ষাৰ্থীসকলে এই প্রতিবাদী কাৰ্যসূচী গ্রহণ কৰিবলগীয়া হৈছে। অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ দৰে এটা প্রতিষ্ঠানে এনেধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হোৱাটো লাজৰ কথা বুলি উল্লেখ কৰি শিক্ষাৰ্থীসকলে সমস্যাসমূহ শীঘ্ৰে সমাধান কৰিবলৈ কৰ্তৃপক্ষক দাবী জনায়। ইফালে মঙলবাৰে দুপৰীয়াৰ ভাগত মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ অমৃতা গাংগুলীয়ে প্ৰতিবাদথলীলৈ আহি শিক্ষাৰ্থীসকলক প্ৰতিবাদী কাৰ্যসূচী ভংগ কৰিবলৈ অনুৰোধ জনাইছিল।
কিন্তু প্ৰতিবাদী কাৰ্যসূচীত ভাগ লোৱা শিক্ষাৰ্থীসকলে লিখিত প্ৰতিশ্ৰুতি দাবী কৰাত অধ্যক্ষই লিখিত দিবলৈ অপাৰগ হয়। ফলত শিক্ষাৰ্থীসকলে ৰাজপথ অৱৰোধ কাৰ্যসূচী অব্যাহত ৰাখে। ইফালে মহাবিদ্যালয়ৰে জ্যেষ্ঠ অধ্যাপক ডঃ হেমন্ত হাজৰিকা আৰু ডঃ শশাংক বৰাও প্ৰতিবাদথলীলৈ আহে যদিও কোনো সমাধান সূত্ৰ নোলোৱাত মঙলবাৰে দ্বিতীয় দিনাৰ বাবেও নিশা বাতৰি লিখাৰ সময়লৈকে শিক্ষাৰ্থীসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে। ইফালে পথচোৱা বন্ধ হৈ থকাত যান-বাহন লৈ অহা লোকসকলে বিকল্প হিচাপে সাতমাইল হৈ ঘূৰি অহা যোৱা কৰিবলগীয়া হৈছে।


No comments