কামৰূপ মহানগৰত স্বাস্থ্যসেৱাৰ গুণগত মান উন্নয়নৰ ধাৰাবাহিক প্ৰচেষ্টা
গুৱাহাটী , ৭ ছেপ্টেম্বৰ ২০২৬:
কামৰূপ মহানগৰ জিলাৰ সোণাপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ কমাৰকুছি আয়ুষ্মান আৰোগ্য মন্দিৰ (AAM)ত আজি ৰাষ্ট্ৰীয় গুণগত মান নিশ্চিতকৰণ মানদণ্ড (National Quality Assurance Standards – NQAS) অনুসৰি বাহ্যিক মূল্যায়ন অনুষ্ঠিত হয়।
এই উপলক্ষে আয়োজিত উদ্বোধনী অনুষ্ঠানত ডিমৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ড° তপন দাসে মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে। NQASৰ নিৰ্ধাৰিত মানদণ্ড অনুসৰি বাহ্যিক মূল্যায়ন বিজয় চন্দ্ৰ ঝাঁ আৰু ডাঃ মানস জ্যোতি কলিতাই সম্পন্ন কৰে।
চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠানসমূহত গুণগত, নিৰাপদ আৰু ৰোগীকেন্দ্ৰিক স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ ক্ষেত্ৰত NQAS এক গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় মানদণ্ড। সেৱা প্ৰদানৰ মান, ৰোগীৰ অধিকাৰ, সংক্ৰমণ নিয়ন্ত্ৰণ, ৰোগীৰ সুৰক্ষা, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু গুণগত মান ব্যৱস্থাপনাকে ধৰি বিভিন্ন দিশৰ মূল্যায়নৰ জৰিয়তে NQAS-এ স্বাস্থ্য কেন্দ্ৰসমূহত গুণগত মান উন্নয়নৰ ক্ষেত্ৰত এক সু-সংগঠিত ব্যৱস্থা গঢ়ি তোলে।
উল্লেখযোগ্য যে, কামৰূপ মহানগৰ জিলাত স্বাস্থ্য কেন্দ্ৰসমূহৰ গুণগত মান উন্নয়নৰ বাবে গ্ৰহণ কৰা ধাৰাবাহিক পদক্ষেপৰ ফলত বৰ্তমানলৈকে ৮ টা স্বাস্থ্য কেন্দ্ৰই NQAS স্বীকৃতি লাভ কৰিছে। এই স্বাস্থ্য কেন্দ্ৰসমূহ হৈছে গোটানগৰ নগৰীয়া প্ৰাথমিক আয়ুষ্মান আৰোগ্য মন্দিৰ, চাৰাৱভাটী নগৰীয়া প্ৰাথমিক আয়ুষ্মান আৰোগ্য মন্দিৰ, আদিংগিৰি নগৰীয়া প্ৰাথমিক আয়ুষ্মান আৰোগ্য মন্দিৰ, উলুবাৰী নগৰীয়া প্ৰাথমিক আয়ুষ্মান আৰোগ্য মন্দিৰ, কামাখ্যা ৰাজ্যিক আয়ুষ্মান আৰোগ্য মন্দিৰ, ভেটাপাৰা ৰাজ্যিক আয়ুষ্মান আৰোগ্য মন্দিৰ, গাড়ীগাঁও ৰাজ্যিক আয়ুষ্মান আৰোগ্য মন্দিৰ, আৰু টোপাতলী আয়ুষ্মান আৰোগ্য মন্দিৰ।
তদূপৰি প্ৰসূতি মাতৃ আৰু শিশুৰ বাবে গুণগত স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ ক্ষেত্ৰতো জিলাখনে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। LaQshya হৈছে প্ৰসৱ কক্ষ আৰু মাতৃসেৱাৰ গুণগত মান উন্নত কৰাৰ বাবে গ্ৰহণ কৰা এক গুৰুত্বপূৰ্ণ পদক্ষেপ। ইয়াৰ জৰিয়তে প্ৰসৱৰ সময়ত সুৰক্ষিত আৰু উন্নতমানৰ মাতৃসেৱা নিশ্চিত কৰা হয়। আনহাতে, MusQan হৈছে শিশুৰোগীৰ বাবে স্বাস্থ্যসেৱাৰ মান উন্নত কৰি শিশুক নিৰাপদ আৰু গুণগত স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ।
কামৰূপ মহানগৰ জিলাত বৰ্তমানলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়(GMCH) আৰু সোণাপুৰ জিলা চিকিৎসালয়ে LaQshya আৰু MusQan ৰ স্বীকৃতি লাভ কৰিছে।
আনহাতে, স্বাস্থ্য কেন্দ্ৰসমূহত পৰিষ্কাৰ-পৰিচ্ছন্নতা, সংক্ৰমণ নিয়ন্ত্ৰণ, আৱৰ্জনা ব্যৱস্থাপনা আৰু স্বাস্থ্যকৰ পৰিৱেশ নিশ্চিত কৰাৰ ক্ষেত্ৰত Kayakalp য়ো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই ক্ষেত্ৰত কামৰূপ মহানগৰ জিলাৰ মুঠ ৬৯ টা স্বাস্থ্য কেন্দ্ৰই Kayakalp-ৰ অধীনত যোগ্যতা অৰ্জন কৰিছে।
NQAS, LaQshya, MusQan আৰু Kayakalp ৰ দৰে স্বাস্থ্যসেৱাৰ এই বিভিন্ন গুণগত মান নিশ্চিতকৰণমূলক স্বীকৃতিয়ে কামৰূপ মহানগৰ জিলাত মানদণ্ডভিত্তিক, নিৰাপদ, পৰিষ্কাৰ আৰু ৰোগী কেন্দ্ৰিক স্বাস্থ্যসেৱা প্ৰদানৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাইছে।






No comments