হোলিষ্টিক ফিজিঅ’থেৰাপী এণ্ড ৱেলনেছ চেণ্টাৰত বিশ্ব ফিজিঅ’থেৰাপী দিৱস উদযাপন
গুৱাহাটী , ৮ ছেপ্টেম্বৰ : গুৱাহাটীৰ ছয়মাইল আৰু ৰাজগড়স্থিত হোলিষ্টিক ফিজিঅ’থেৰাপী এণ্ড ৱেলনেছ চেণ্টাৰৰ উদ্যোগত আজি বিশ্ব ফিজিঅ’থেৰাপী দিৱস উদযাপন কৰা হয় । উল্লেখ্য যে এই বছৰ দিৱসৰ মূল বিষয়বস্তু আছিল “অধিক চলক, হৃদযন্ত্ৰক সুৰক্ষিত ৰাখক , ষ্ট্ৰ’কৰ পৰা ৰক্ষা পাওক অধিক শক্তিশালীভাৱে সুস্থ হৈ উঠক"। এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে পেডিয়াট্ৰিক নিউৰ’লজিষ্ট ডাঃ দেবাঙ্গনা বৰুৱা , বিশিষ্ট অতিথি হিচাপে ডাঃ সুকল্যাণ দে উপস্থিত থাকে ।
অনুষ্ঠানত মুখ্য অতিথিৰ ভাষণত ডাঃ দেৱাঙ্গনা বৰুৱাই বিশেষকৈ পুনৰ্বাসনৰ প্ৰয়োজন হোৱা শিশুসকলৰ গতিশীলতা, স্বনিৰ্ভৰশীলতা আৰু জীৱনৰ মান উন্নত কৰাত ফিজিঅ’থেৰাপীৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ প্ৰশংসা কৰে।
আনহাতে, ডাঃ সুকল্যাণ দেয়ে ভাষণ প্ৰসংগত শিশুৰ বিভিন্ন বিকৃতি সংশোধনৰ অস্ত্ৰোপচাৰৰ পিছত পুনৰ্বাসনত ফিজিঅ’থেৰাপিষ্টসকলে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই উপলক্ষে কেন্দ্ৰটোৱে চেৰিব্ৰেল পালচী আক্ৰান্ত শিশুসকলৰ বাবে বিনামূলীয়া পৰামৰ্শ আৰু মূল্যায়নৰ ব্যৱস্থা কৰে। লগতে অভিভাৱকসকলক প্ৰাৰম্ভিক হস্তক্ষেপ, নিয়মীয়া থেৰাপী, ঘৰত কৰিব পৰা ব্যায়াম আৰু পুনৰ্বাসনত পৰিয়ালৰ সক্ৰিয় অংশগ্ৰহণৰ বিষয়ে পৰামৰ্শ আৰু নিৰ্দেশনা প্ৰদান কৰা হয়।
অনুষ্ঠানত প্ৰতিষ্ঠানখনৰ সঞ্চালক ডাঃ অনুষ্মিতা চামুৱাহে ভাষণ প্ৰসংগত শিশুসকলৰ হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাত শাৰীৰিক সক্ৰিয়তা আৰু ফিজিঅ’থেৰাপীৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে ।



No comments