Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

নাহৰ মহিলা সমাজ কল্যাণ সমিতিৰ উদ্যোগত আজাৰাত জুবিন গাৰ্গৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান


 গুৱাহাটী ,২৩ ছেপ্টেম্বৰ : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা ভি আই পি অঞ্চলৰ অগ্ৰণী মহিলা সংগঠন 'নাহৰ মহিলা সমাজ কল্যাণ সমিতি'ৰ উদ্যোগত ২০ ছেপ্টেম্বৰৰ দিনা বিয়লিৰ পৰা নিশালৈকে প্ৰাণৰ শিল্পী  জুবিন গাৰ্গৰ স্মৃতিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। সমিতিৰ সভানেত্ৰী গংগা চৌধুৰী আৰু সম্পাদিকা  মঞ্জু দাসৰ তত্বাৱধানত আজাৰা ভি আই পিত  অনুষ্ঠিত  অনুষ্ঠানটোত সমিতিৰ সকলো কৰ্মকৰ্তা - সদস্যাই অংশগ্ৰহণ কৰে।


আনহাতে  জুবিন গাৰ্গৰ জনপ্ৰিয় ‘মায়াবিনী’ শীৰ্ষক  গীতেৰে অনুষ্ঠানটোৰ শুভাৰম্ভ কৰা অনুষ্ঠানটোত  নাহৰ মহিলা সমাজ কল্যাণ সমিতিৰ কেইবাগৰাকীও সদস্যাই  গীত, নৃত্য আদি পৰিৱেশন কৰি অনুষ্ঠানটোক এক নতুন মাত্ৰা প্ৰদান কৰে ।সন্ধিয়াৰ ভাগত বৃক্ষৰোপণ আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। কাৰ্যসূচীত যুৱ সমাজকৰ্মী  পংকজ চৌধুৰী, শ্যামভূমি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক  বিপুল দাস, সমাজকৰ্মী হৰাকান্ত নাথ আৰু অনিল জন আদিয়ে অংশগ্ৰহণ কৰে। লগতে নাহৰ মহিলা সমাজ কল্যাণ সমিতিৰ সকলো সদস্যাই অংশগ্ৰহণ কৰি জুবিন গাৰ্গৰ স্মৃতিত অতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে।

শেষত আজাৰা বৰবৰী অঞ্চলৰ  শ্ৰী মা লক্ষ্মী নাগাৰা নামৰ নাম-প্ৰসংগ পৰিবেশনৰে অনুষ্ঠানটোৰ সামৰণি মৰা হয়।

No comments

Powered by Blogger.