ৰাণীত চি আৰ পি এফৰ এমহীয়া কম্পিউটাৰ প্ৰশিক্ষণৰ সামৰণি
গুৱাহাটী, ১৩ ছেপ্টেম্বৰঃ গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীস্থিত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ ১৭৫ বেটেলিয়ানে জনহিতকৰ কাৰ্য্যসূচীৰ অংশ হিচাপে অনুষ্ঠিত কৰা এমহীয়া বিনামূলীয়া কম্পিউটাৰ প্রশিক্ষণ কাৰ্যসূচীৰ ১২ ছেপ্টেম্বৰত সামৰণি পৰে। এই উপলক্ষে বাহিনীটোৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সামৰণি অনুষ্ঠানত ভাগ লৈ ১৭৫ চি আৰ পি এফ বেটেলিয়ানৰ কমাণ্ডেণ্ট এন কে কে প্রসাদে কয় যে প্ৰতি বছৰে জনহিতকৰ কাৰ্য্যসূচীৰ অংশ স্বৰূপে এমহীয়া কম্পিউটাৰৰ বিনামূলীয়াকৈ প্ৰশিক্ষণ দিয়া হয়। প্ৰশিক্ষণকালত শিক্ষাৰ্থীসকলক কম্পিউটাৰৰ বেছিক, এম এছ অফিচ, এম এছ এক্সেল, ডি টি পি আৰু অন্যান্য বিষয়ৰ ওপৰত প্রশিক্ষণ প্ৰদান কৰা হয়। এই প্ৰশিক্ষণ কাৰ্যসূচীৰ বাবে অঞ্চলটোৰ অৰ্থনৈতিকভাৱে পিছপৰা পৰিয়ালৰ ২৫গৰাকী শিক্ষাৰ্থীক নিৰ্বাচিত কৰা হৈছিল । অনুষ্ঠানত শিক্ষাৰ্থীসকলক প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়। অনুষ্ঠানত বেটেলিয়ানৰ ছেকেণ্ড–ইন–কমাণ্ড অমিত সিনহা, ডেপুটী কমাণ্ডেণ্ট বিৰাট কুমাৰ সিং আৰু অমিত যোশীসহ কেবাজনো বিষয়া , অধীনস্থ বিষয়া উপস্থিত থাকে।

No comments