হিত্যিক হৃষীকেশ দাসৰ জুবিন গাৰ্গৰ স্মৃতিত উৎসৰ্গিত কবিতা সংকলন "মায়াবিনী" উন্মোচন
গুৱাহাটী ২১ ছেপ্টেম্বৰ: জালুকবাৰী আঞ্চলিক ৰাইজৰ সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত আৰু সন্মিলিত কামৰূপ কবি-সাহিত্য চক্ৰৰ সহযোগত ২০ ছেপ্তেম্বৰত জুবিন দিৱসৰ প্ৰথম বার্ষিক শ্রদ্ধঞ্জলি অনুষ্ঠানৰ লগত সংগতি ৰাখি অসম আৰু অসমীয়াৰ সংস্কৃতিৰ বুকুৰ পৰা হেৰাই যাব ওলোৱা স্বাভিমান "বিয়ানাম" প্রতিযোগিতাখন গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হয়। প্ৰতিযোগিতাত গুৱাহাটীৰ শিলপুখৰীৰ তিলো দাসৰ দলে প্ৰথম স্থান লাভ কৰি পাঁচ হাজাৰ টকা, চানমাৰীৰ গায়ত্ৰী দলে দ্বিতীয় স্থান লাভ কৰি চাৰি হাজাৰ টকা, যুটীয়াভাবে তৃতীয় স্থান লাভ কৰি মঠঘৰীয়াৰ আৰিৰ সংস্কৃতি গোষ্ঠীয়ে তিনি হাজাৰ টকাসহ কিতাপৰ মানপত্ৰ লাভ কৰে ।
সমিতিৰ সাংস্কৃতিক সম্পাদক দেবেন দাসে পৰিচালনা কৰা বিয়ানাম প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত আছিল পাহাৰী দাস আৰু ডঃ মঞ্জুলা দাস। বিয়লি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি অনুষ্ঠিত জুবিন গাৰ্গ সোঁৱৰণী কবি সন্মিলনখন উদ্ধোধন কৰে অসম সাহিত্য সভাৰ সম্পাদক ডঃ সঞ্জীৱ কুমাৰ শৰ্মাই ।
এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত সন্মিলিত কামৰূপ কবি চক্ৰৰ সভাপতি , সাহিত্যিক হৃষীকেশ দাসৰ জুবিন গাৰ্গৰ স্মৃতিত উৎসৰ্গিত নিৰ্বাচিত এক হাজাৰ স্তবকৰ কবিতা সংকলন "মায়াবিনী" উন্মোচন কৰা হয় । এই উপলক্ষে বৃহত্তৰ জালুকবাৰী আঞ্চলিক ৰাইজৰ সমন্বয়ৰক্ষী সমিতিৰ সভাপতি পদুম শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত কবিতা সংকলনখন উন্মোচন কৰে ক্ৰমে অসম সাহিত্য সভাৰ সম্পাদক ডঃ সঞ্জীৱ কুমাৰ শৰ্মা , সদৌ অসম কবি সাহিত্য চক্ৰৰ সভাপতি অনুপ কুমাৰ তালুকদাৰ , কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সবিতা দেৱী, বিশিষ্ট সাহিত্যিক আৰু অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা প্ৰমোদ চন্দ্ৰ দাসে ।
অনুষ্ঠানত বৃহত্তৰ জালুকবাৰী আঞ্চলিক ৰাইজৰ সমন্বয়ৰক্ষী সমিতিৰ সম্পাদক সঞ্জয় বিশ্বাসকে ধৰি কেবাজনো কৰ্মকৰ্তা , সন্মিলিত কামৰূপ কবি চক্ৰৰ সম্পাদক জোৎস্না কলিতা , সাংস্কৃতিক সম্পাদক দেবেন দাসকে ধৰি কেবাজনো কৰ্মকৰ্তা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ জিলা সমিতিৰ সম্পাদক মদন দাস, কলিতা জনগোষ্ঠী সন্মিলনৰ নেতা ধৰ্মেন্দ্ৰ কলিতাকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে।

No comments