২০সংখ্যক ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিতৰণ কৰিলে ৫১,০০০ৰো অধিক নিযুক্তি পত্ৰ
গুৱাহাটী, ১৯ ছেপ্টেম্বৰ: দেশৰ যুৱশক্তিক ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাৰ সৈতে অধিক সক্ৰিয়ভাৱে সংযুক্ত কৰাৰ লক্ষ্যৰে আজি অনুষ্ঠিত হয় ২০সংখ্যক ৰোজগাৰ মেলা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে দেশৰ বিভিন্ন চৰকাৰী বিভাগ আৰু প্ৰতিষ্ঠানত নৱনিযুক্ত ৫১,০০০ৰো অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰে। এই ৰোজগাৰ মেলাৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়, বিভাগ আৰু প্ৰতিষ্ঠানত নতুনকৈ নিযুক্তি লাভ কৰা যুৱক-যুৱতীসকলক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰা হয়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৱনিযুক্ত যুৱক-যুৱতীসকলক অভিনন্দন জনাই তেওঁলোকৰ নতুন কৰ্মজীৱনৰ সফলতা কামনা কৰে। তেওঁ কয় যে ভাৰতক ২০৪৭ চনৰ ভিতৰত এখন বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ যাত্ৰাত দেশৰ যুৱশক্তিৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। যুৱসমাজৰ প্ৰতিভা, দক্ষতা আৰু উদ্ভাৱনী শক্তিয়ে বিশ্বজুৰি আস্থা অৰ্জন কৰিছে আৰু ভাৰতীয় উদ্ভাৱক, উদ্যোগী তথা যুৱশক্তিৰ ওপৰত বিশ্বৰ বৃহৎ আশা আছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
তেওঁ লগতে উল্লেখ কৰে যে মুক্ত বাণিজ্য চুক্তিসমূহে ভাৰতৰ যুৱসমাজ আৰু উদ্যোগীসকলৰ বাবে নতুন বজাৰ, অংশীদাৰিত্ব আৰু কৰ্মসংস্থাপনৰ সুযোগ মুকলি কৰিছে। ভাৰত বিশ্বৰ অন্যতম আগশাৰীৰ বৃহত্তম ষ্টাৰ্টআপ ব্যৱস্থা হিচাপে পৰিগণিত হোৱাৰ লগতে দেশৰ ষ্টাৰ্টআপৰ পৰিসৰ এতিয়া কেৱল বৃহৎ মহানগৰসমূহতে সীমাবদ্ধ হৈ থকা নাই; অন্যান্য প্ৰান্তলৈও ষ্টাৰ্টআপৰ বিস্তাৰ ঘটিছে বুলি তেওঁ উল্লেখ কৰে।
এই ৰোজগাৰ মেলাৰ জৰিয়তে চৰকাৰী পদত নিযুক্তি প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ লগতে যুৱসমাজক চৰকাৰী সেৱা আৰু ৰাষ্ট্ৰীয় উন্নয়নৰ সৈতে সংযুক্ত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।
শেহতীয়াকৈ অনুষ্ঠিত ব্ৰিকছ সন্মিলনৰ প্ৰসংগ উত্থাপন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ দৃষ্টিভংগী কেৱল চৰকাৰৰ মাজৰ পৰম্পৰাগত সম্পৰ্কতে সীমাবদ্ধ নহয়। এই সন্দৰ্ভত বিভিন্ন পদক্ষেপৰ জৰিয়তে উদ্যোগী, কৃষক, মহিলা আৰু যুৱসমাজক বিশ্বজনীন অংশীদাৰিত্বৰ সৈতে পোনপটীয়াকৈ সংযুক্ত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। বিশ্বৰ সৈতে ভাৰতৰ যুৱশক্তিৰ সংযোগ বৃদ্ধি কৰি নতুন সুযোগ সৃষ্টি কৰাৰ ক্ষেত্ৰত এনে পদক্ষেপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।
গুৱাহাটীত অনুষ্ঠিত ২০সংখ্যক ৰোজগাৰ মেলাৰ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। অনুষ্ঠানত তেওঁ নৱনিযুক্ত যুৱক-যুৱতীসকলৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰাৰ লগতে তেওঁলোকক নতুন কৰ্মজীৱনৰ বাবে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।
এই উপলক্ষে সৰ্বানন্দ সোণোৱালে কয়, “দেশৰ যুৱশক্তি হৈছে ৰাষ্ট্ৰ নিৰ্মাণৰ মূল চালিকাশক্তি। যুৱসমাজৰ প্ৰতিভা, দক্ষতা, উদ্ভাৱনী চিন্তা আৰু কৰ্মশক্তিক সঠিক সুযোগ প্ৰদান কৰাটো এখন বিকশিত ভাৰত নিৰ্মাণৰ বাবে অতি গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যুৱসমাজৰ বাবে সৃষ্টি হোৱা নতুন সুযোগে তেওঁলোকক নিজৰ সামৰ্থ্য প্ৰদৰ্শনৰ লগতে দেশ সেৱাৰ এক নতুন পথ মুকলি কৰিছে।”
তেওঁ কয় যে আজি নিযুক্তি পত্ৰ লাভ কৰা প্ৰতিগৰাকী যুৱক-যুৱতীৰ বাবে এই দিনটো নতুন দায়িত্ব আৰু নতুন সম্ভাৱনাৰ আৰম্ভণি। চৰকাৰী সেৱাত যোগদান কৰা যুৱসমাজে নিষ্ঠা, সততা আৰু দায়বদ্ধতাৰে নিজৰ কৰ্তব্য পালন কৰি দেশৰ সেৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।
সোণোৱালে লগতে কয় যে যুৱসমাজ কেৱল দেশৰ ভৱিষ্যৎ নহয়, বৰ্তমানৰ ৰাষ্ট্ৰ নিৰ্মাণ প্ৰক্ৰিয়াৰো এক সক্ৰিয় অংশীদাৰ। তেওঁলোকৰ দক্ষতা, জ্ঞান, উদ্ভাৱনী শক্তি আৰু ঔদ্যোগিক মানসিকতাক সঠিক দিশত ব্যৱহাৰ কৰিব পাৰিলেহে ভাৰতৰ উন্নয়নৰ গতি অধিক ত্বৰান্বিত হ’ব।
জনসাধাৰণৰ সেৱাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দি সততা আৰু নিষ্ঠাৰে কাম কৰি দেশৰ উন্নয়নত অংশীদাৰ হ’বলৈ তেওঁ নৱনিযুক্তসকলক আহ্বান জনায়।
সোণোৱালে লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘বিকশিত ভাৰত’ৰ সংকল্প বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত দেশৰ যুৱশক্তিৰ সক্ৰিয় অংশগ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। যুৱসমাজৰ শক্তি, সামৰ্থ্য আৰু আকাংক্ষাক ৰাষ্ট্ৰীয় উন্নয়নৰ সৈতে সংযুক্ত কৰিয়েই এখন শক্তিশালী, আত্মনিৰ্ভৰ আৰু বিকশিত ভাৰত গঢ়ি তোলাৰ পথ প্ৰশস্ত হ’ব বুলি তেওঁ মন্তব্য কৰে।



No comments