Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

কামৰূপ মহানগৰত বিশ্ব ৰোগী সুৰক্ষা দিৱস পালন


গুৱাহাটী, ১৭ ছেপ্টেম্বৰ: কামৰূপ মহানগৰ জিলাৰ বিভিন্ন স্বাস্থ্য কেন্দ্ৰত আজি বিশ্ব ৰোগী সুৰক্ষা দিৱস পালন কৰা হয়।

ৰোগীৰ সুৰক্ষা নিশ্চিত কৰি গুণগত, ৰোগীকেন্দ্ৰিক স্বাস্থ‍্যসেৱা প্ৰদান কৰাৰ লক্ষ্যৰে জিলাখনৰ স্বাস্থ্য কেন্দ্ৰসমূহত সজাগতামূলক কাৰ্যসূচী, ৰোগীৰ স্বাস্থ্য পৰীক্ষা, অসংক্ৰামক ৰোগৰ পৰীক্ষণ, বয়োজ্যেষ্ঠ লোকৰ স্বাস্থ্য পৰীক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

তদুপৰি, ৰোগীৰ সুৰক্ষা নিশ্চিত কৰা, গুণগত স্বাস্থ্যসেৱা প্ৰদান আৰু ৰোগীকেন্দ্ৰিক সেৱা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ প্ৰতি ‍প্ৰতিশ্ৰুতিবদ্ধ হোৱাৰ উদ্দেশ্যে স্বাস্থ্য কেন্দ্ৰসমূহৰ চিকিৎসক-কৰ্মচাৰীসকলৰ মাজত শপত গ্ৰহণ অনুষ্ঠানো অনুষ্ঠিত হয়।




No comments

Powered by Blogger.