Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

গুগল মীটযোগে অসম সাহিত্য সভাৰ মুম্বাই স্বৰ্ণ শাখাৰ উদ্যোগত ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন আৰু চিনাকি পৰ্ব


 

গুৱাহাটী ,৬ ছেপ্টেম্বৰ : অসম সাহিত্য সভাৰ মুম্বাই স্বৰ্ণ শাখাৰ উদ্যোগত যোৱা ৫ ছেপ্টেম্বৰত  ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ  জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি গুগল মীটযোগে যোগে এখন বিশেষ সভা অনুষ্ঠিত  হয়। শাখাৰ মাহেকীয়া অনুষ্ঠান 'চিনাকি পৰ্ব' অনুষ্ঠানত নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত আছিল বিশিষ্ট সংগীত শিল্পী  লোহিত গগৈ ।

 ৫ ছেপ্টেম্বৰৰ শিক্ষক দিৱসৰ শুভেচ্ছাৰে শুভাৰম্ভ  হোৱা সভাত শিল্পী লোহিত গগৈয়ে ডঃ হাজৰিকাৰ হুবহু কণ্ঠত প্ৰায় ১ ঘণ্টা জুৰি সুধাকণ্ঠৰ  কেবাটাও কালজয়ী গীত আৰু তেওঁৰ স্বৰচিত, সুৰাৰোপন কৰা গীতেৰে সন্ধিয়াটো জীপাল কৰি তুলিছিল ।  আৰম্ভণিতে সম্পাদক  দীক্ষা পাঠক খাটনিয়াৰে  সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি ডঃ হাজৰিকাৰ কবিতাৰে সভাৰ শুভাৰম্ভ কৰে।

 সভাপতি  হিৰণ ভূঞাই  স্বৰচিত কবিতা পাঠেৰে ডঃ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সকলোকে আদৰণি জনায় আৰু শিল্পী লোহিত গগৈক সম্বৰ্ধনা জ্ঞাপন কৰে। সভাত কবিতা পাঠেৰে আপ্লুত কৰে ক্ৰমে সদানন্দ গগৈ, উত্তম দাস আৰু মিনু হাজৰিকাই । চমু ভাষণ আগবঢ়াইছিল আজীৱন সদস্য ত্ৰিনয়ন সন্দিকৈয়ে। কবিতা আৰু গীতেৰে এক জীপাল সন্ধিয়া উদযাপন কৰা হয়। আনহাতে সভাখন  পৰিচালনা কৰে আলোচনী সম্পাদক ইলোৰা ভাগৱতীয়ে । সভাত গুগুল মীটৰ কাৰিকৰী দিশটো  পৰিচালনা কৰিছিল দীক্ষা পাঠক খাটনিয়াৰে ।  চিৰ চেনেহী মোৰ ভাষা জননীৰে  শুভাৰম্ভ হোৱা সভাখনৰ সামৰণি পৰে অ' মোৰ আপোনাৰ দেশ  গীতেৰে।

No comments

Powered by Blogger.