Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

জালুকবাৰী সাহিত্য সভাৰ উদ্যোগত শ্বৰীফ উল্লাহৰ অভিনন্দন গ্রন্থ উন্মোচন

 


গুৱাহাটী ,৬ ছেপ্টেম্বৰ : জালুকবাৰী সাহিত্য সভাৰ উদ্যোগত আজি  জালুকবাৰী অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী, সাহিত্যিক তথা নাট্যকাৰ শ্বৰীফ উল্লাহৰ ৮২ সংখ্যক জন্মদিন উপলক্ষে এখন "অভিনন্দন গ্ৰন্থ" উন্মোচন কৰা হয়। জালুকবাৰী সাহিত্য সভাৰ উদ্যোগত  অনুষ্ঠিত  গ্ৰন্থ উন্মোচনী সভাখন দিনৰ ১০ বজাৰ পৰা মহানগৰীৰ উত্তৰ জালুকবাৰীস্থিত ৰাজদীপ ভৱনত অনুষ্ঠিত  হয় |

 সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰ্মন ,  বিশিষ্ট অতিথি হিচাপে  সম্পাদক অৰুণ মহন্ত আৰু হৰেশ্বৰ ডেকা উপস্থিত থাকি ভাষণ প্ৰদান কৰাৰ লগতে শ্বৰীফ  উল্লাহক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে । 

উল্লেখ্য যে ১৯৬৬ চনতে স্থাপিত হোৱা জালুকবাৰী সাহিত্য সভাই দীৰ্ঘদিন ধৰি অঞ্চলটোৰ সাহিত্য-সংস্কৃতিৰ সেৱা কৰি আহিছে। এইবাৰো জালুকবাৰী অঞ্চলৰ এগৰাকী বিশিষ্ট সমাজকর্মী, সাহিত্যিক নাট্যকাৰ শ্বৰীফ উল্লাহক সন্মান জনাই অভিনন্দন গ্ৰন্থখন উলিওৱাৰ সিদ্ধান্তই সাহিত্যিক মহলত প্ৰশংসা লাভ কৰিছে। সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ প্ৰশান্ত শৰ্মা , ১  নং ৱাৰ্ডৰ পাৰিষদ হুকুম চান্দ আলী বক্সী, বীৰেন দাসকে ধৰি অঞ্চলটোৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

No comments

Powered by Blogger.