ভূপেনদাৰ সুধাকণ্ঠত ব্ৰহ্মপুত্ৰৰ পৰা সাগৰলৈ মানৱতাৰ মহাসংগম": কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
নতুন দিল্লী, ৮ ছেপ্টেম্বৰ, ২০২৬: ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আজি নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰী বাসভৱনত ‘সাগৰ সংগমত’ শীৰ্ষক এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ অমৰ সৃষ্টিৰাজি, মানৱতাবাদী চিন্তা আৰু সংগীতৰ জৰিয়তে ৰাষ্ট্ৰীয় ঐক্য তথা বিশ্ব ভাতৃত্ববোধলৈ আগবঢ়োৱা অনন্য অৱদানক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰা হয়।
অনুষ্ঠানত লোকসভাৰ সাংসদ পৰিমল শুক্লবৈদ্য, ৰাজ্যসভাৰ সাংসদ তেৰছ গোৱালা, দূৰদৰ্শনৰ সঞ্চালক প্ৰধান ৰীণা সোণোৱাল, কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব বিজয় কুমাৰ, নেশ্যনেল স্কুল অৱ ড্ৰামাৰ সঞ্চালক চিত্তৰঞ্জন ত্ৰিপাঠী প্ৰমুখ্যে বিভিন্ন প্ৰান্তৰ গণ্য-মান্য ব্যক্তিসকল আৰু অসমীয়া সমাজ। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নেশ্যনেল স্কুল অৱ ড্ৰামাৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময়ো কৰে।
অনুষ্ঠানত নৃত্য-গীত আৰু বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰা হয়।
অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “ভূপেনদা কেৱল অসমৰ বা উত্তৰ-পূৰ্বাঞ্চলৰ শিল্পী নাছিল, তেওঁ আছিল সমগ্ৰ ভাৰতৰ শিল্পী, সমগ্ৰ মানৱ জাতিৰ শিল্পী। ব্ৰহ্মপুত্ৰৰ বিশাল বুকুৰ পৰা গংগাৰ পাৰলৈ, ভাৰতৰ বিভিন্ন প্ৰান্তৰ মানুহৰ হৃদয়ৰ পৰা সাগৰৰ সীমাহীন বিস্তৃতিলৈ-- ভূপেনদাৰ কণ্ঠই মানুহৰ সুখ-দুখ, আশা-আকাংক্ষা, বঞ্চনা-সংগ্ৰাম আৰু মানৱীয় অনুভূতিক একেডাল সূতাৰে বান্ধিছিল।”
“তেওঁৰ এই অসামান্য অৱদানৰ প্ৰতি সন্মান জনাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন ভাৰত চৰকাৰে ২০১৯ চনত ভূপেন হাজৰিকাক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ প্ৰদান কৰিছিল। এই সন্মানে কেৱল এগৰাকী মহান শিল্পীক সন্মানিত কৰা নাছিল, বৰং অসমৰ মাটি আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য, ভাৰতীয় সংগীতলৈ তেওঁৰ অনন্য অৱদান আৰু সমগ্ৰ মানৱ জাতিৰ প্ৰতি তেওঁ কঢ়িয়াই নিয়া উদাৰ মানৱতাবাদী বাৰ্তাকো ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰিছিল। ভূপেনদাক ‘ভাৰত ৰত্ন’ৰে সন্মানিত কৰাটো আমাৰ বাবে গৌৰৱ আৰু আনন্দৰ বিষয়।”
সোণোৱালে কয়, “ভূপেনদাৰ সংগীতত অসমৰ মাটি আৰু মানুহৰ গোন্ধ আছিল, কিন্তু তেওঁৰ দৃষ্টিভংগী কেতিয়াও ভৌগোলিক সীমাত আবদ্ধ নাছিল। তেওঁৰ সৃষ্টিত প্ৰতিফলিত হৈছিল ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্যৰ শক্তি। ভাষা, জাতি-জনগোষ্ঠী, ধৰ্ম, সংস্কৃতি আৰু ভৌগোলিক সীমাৰ পাৰ্থক্য অতিক্ৰম কৰি তেওঁ মানুহক মানুহৰ সৈতে সংযোগ স্থাপন কৰিছিল। সেইবাবেই তেওঁৰ গীত অসমৰ পৰা ভাৰতলৈ আৰু ভাৰতৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তলৈ এক অনন্য সাংস্কৃতিক সেতু হৈ পৰিছে।”
“‘মানুহে মানুহৰ বাবে’ৰ দৰে ভূপেনদাৰ সৃষ্টি কেৱল এটা গীত নহয়, ই মানৱতাৰ এক চিৰন্তন আহ্বান। মানুহৰ প্ৰতি মানুহৰ দায়বদ্ধতা, সহমৰ্মিতা, মৰম আৰু ভাতৃত্ববোধৰ যি বাৰ্তা তেওঁৰ সৃষ্টিৰ মাজেৰে প্ৰতিধ্বনিত হৈছিল, সেয়া আজিৰ বিভাজিত পৃথিৱীতো সমানেই প্ৰাসংগিক। তেওঁৰ কণ্ঠই আমাক সোঁৱৰাই দিয়ে-- আমাৰ পৰিচয় বেলেগ হ’ব পাৰে, আমাৰ ভাষা বেলেগ হ’ব পাৰে, কিন্তু আমাৰ মানৱীয় অনুভূতি একেই।”
সোণোৱালে লগতে কয়, “ভূপেনদাই সংগীতক কেৱল মনোৰঞ্জনৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা নাছিল, সংগীত তেওঁৰ বাবে আছিল সমাজ আৰু মানুহৰ প্ৰতি দায়বদ্ধতাৰ ভাষা। অসমৰ নদ-নদী, মাটি, কৃষক, শ্ৰমিক, সাধাৰণ মানুহৰ জীৱন-সংগ্ৰামৰ পৰা আৰম্ভ কৰি সমগ্ৰ বিশ্বৰ নিপীড়িত আৰু বঞ্চিত মানুহৰ প্ৰতি থকা সহমৰ্মিতা তেওঁৰ সৃষ্টিৰাজিত প্ৰকাশ পাইছিল। তেওঁৰ কণ্ঠত ব্ৰহ্মপুত্ৰৰ বিশালতা আছিল আৰু তেওঁৰ চিন্তাত সাগৰৰ গভীৰতা আছিল।”
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ড° ভূপেন হাজৰিকাৰ জীৱন আৰু সৃষ্টি ভাৰতৰ ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ চেতনাৰ এক শক্তিশালী সাংস্কৃতিক প্ৰতিফলন। ভাৰতৰ বিভিন্ন ভাষা, সংস্কৃতি আৰু জনগোষ্ঠীৰ মাজত তেওঁ যি সংযোগ স্থাপন কৰিছিল, সেয়া দেশৰ সাংস্কৃতিক ঐক্যৰ এক উজ্জ্বল উদাহৰণ।
“ভূপেনদা আছিল ভাৰতীয় সাংস্কৃতিক ঐক্যৰ এক শক্তিশালী কণ্ঠ। তেওঁ অসমৰ পৰিচয়ক ভাৰতৰ বৃহত্তৰ সাংস্কৃতিক পৰিসৰৰ সৈতে সংযোগ কৰিছিল আৰু একে সময়তে ভাৰতীয় সংস্কৃতিৰ উদাৰতা বিশ্বৰ আগত তুলি ধৰিছিল। তেওঁৰ সৃষ্টিৰাজিত ভাৰতৰ ‘বসুধৈৱ কুটুম্বকম্’ৰ মহান চেতনা প্ৰতিফলিত হৈছিল, সমগ্ৰ পৃথিৱীখনক এক পৰিয়াল হিচাপে চোৱাৰ উদাৰ মানসিকতা।”
সোণোৱালে কয়, “আজি বিশ্বই যেতিয়া শান্তি, সহাৱস্থান আৰু আন্তঃৰাষ্ট্ৰীয় ভাতৃত্ববোধৰ সন্ধান কৰিছে, তেনে সময়ত ভূপেনদাৰ মানৱতাবাদী চিন্তা আৰু অধিক প্ৰাসংগিক হৈ উঠিছে। তেওঁ কোনো এখন দেশ বা এটা জনগোষ্ঠীৰ মাজত নিজকে সীমাবদ্ধ কৰা নাছিল। তেওঁৰ সংগীতৰ কেন্দ্ৰবিন্দু আছিল ‘মানুহ’। সেয়ে তেওঁৰ সুৰে দেশৰ সীমা অতিক্ৰম কৰি বিশ্বৰ মানুহৰ হৃদয় স্পৰ্শ কৰিবলৈ সক্ষম হৈছিল।”
তেওঁ লগতে কয়, “ভূপেনদাৰ সৃষ্টিৰাজিয়ে যি মৰমৰ সেতু গঢ়ি থৈ গৈছে, সেয়া আমাৰ সাংস্কৃতিক ঐতিহ্যৰ অমূল্য সম্পদ। সেই সেতুৱে ব্ৰহ্মপুত্ৰৰ পাৰক ভাৰতৰ বিভিন্ন প্ৰান্তৰ সৈতে আৰু ভাৰতক বিশ্বৰ সৈতে সংযোগ কৰিছে। তেওঁৰ গীতৰ সুৰত আমি অসমক পাওঁ, ভাৰতক পাওঁ আৰু একে সময়তে সমগ্ৰ মানৱ জাতিৰ এক উমৈহতীয়া হৃদয়ৰ স্পন্দন অনুভৱ কৰোঁ।”
সোণোৱালে কয়, “আজি জন্ম শতবাৰ্ষিকীৰ পৱিত্ৰ ক্ষণত এইজনা ক্ষণজন্মা মহান শিল্পী, ‘ভাৰত ৰত্ন’ ড° ভূপেন হাজৰিকাক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। সময় পাৰ হৈ যাব, প্ৰজন্ম সলনি হ’ব; কিন্তু নদীৰ দৰে বৈ থকা তেখেতৰ কণ্ঠ, কথা আৰু সুৰ, আৰু সাগৰৰ দৰে গভীৰ তেখেতৰ মানৱতাৰ বাণী যুগে যুগে জীয়াই থাকিব। ভূপেনদা আমাৰ মাজত শাৰীৰিকভাৱে নাথাকিলেও তেওঁৰ গীত, তেওঁৰ কণ্ঠ আৰু তেওঁৰ মানৱতাৰ দৰ্শন সদায়ে মানুহৰ হৃদয়ত জীয়াই থাকিব।”



No comments