Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

গুৱাহাটী বিশ্ববিদ্যালয়ত ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন



গুৱাহাটী, আগষ্ট ১৫, ২০২৬: জাতীয় ঐক্য আৰু দেশপ্ৰেমৰ চেতনাৰে এখন শক্তিশালী, সমৃদ্ধ, শান্তিপূৰ্ণ আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সংকল্পৰে তথা স্বাধীনতা সংগ্ৰামীসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ত আজি ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়।

উক্ত গৌৰৱময় অনুষ্ঠানত পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা, শ্ৰেণীসমূহৰ সচিব ড⁰ ৰঞ্জন কুমাৰ কাকতি, কোষাধ্যক্ষ শ্ৰী চন্দন তালুকদাৰ, অধ্যাপক, বিষয়া, কৰ্মচাৰীসকলৰ উপস্থিতিত উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই জাতীয় পতাকা উত্তোলন কৰি স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

অনুষ্ঠানত নিজৰ ভাষণত উপাচাৰ্যগৰাকীয়ে স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগ আৰু অৱদান গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰি দেশবাসীলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে। তেখেতে উল্লেখ কৰে যে, "দেশৰ অগ্ৰগতি কেৱল চৰকাৰ বা কোনো একক প্ৰতিষ্ঠানৰ প্ৰচেষ্টাৰে সম্ভৱ নহয়,  প্ৰতিগৰাকী নাগৰিকৰ দায়িত্বশীল অংশগ্ৰহণ আৰু সামূহিক প্ৰচেষ্টাৰ মাজেৰেহে এখন দেশ প্ৰকৃত অৰ্থত আগুৱাই যাব পাৰে। আমি যি স্বাধীনতা আজি উপভোগ কৰি আছোঁ, সেয়া অসংখ্য স্বাধীনতা সংগ্ৰামীৰ ত্যাগ আৰু আত্মবলিদানৰ ফল। সেই ত্যাগক সন্মান জনোৱাৰ সৰ্বোত্তম উপায় হ’ল নিজৰ নিজৰ ক্ষেত্ৰত সততা, দায়িত্ববোধ আৰু নিষ্ঠাৰে কাম কৰি দেশ আৰু সমাজৰ বাবে অৰিহণা যোগোৱা।” 


গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাৰ ইতিহাস স্মৰণ কৰি উপাচাৰ্যগৰাকীয়ে জননেতা গোপীনাথ বৰদলৈৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰে। স্বাধীনতাৰ সেই সন্ধিক্ষণত শিক্ষাক সমাজ আৰু জাতি নিৰ্মাণৰ এক শক্তিশালী মাধ্যম হিচাপে গ্ৰহণ কৰা দূৰদৰ্শী চিন্তাধাৰাৰ পৰাই গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ সপোনে বাস্তৱ ৰূপ লাভ কৰিছিল বুলি তেওঁ উল্লেখ কৰে। বৰ্তমানৰ বিশ্ববিদ্যালয়খন দূৰদৰ্শী চিন্তা, আদৰ্শ আৰু সংকল্পৰ এক জীৱন্ত প্ৰতিফলন বুলিও তেওঁ কয়।

উপাচাৰ্যগৰাকীয়ে বিশ্ববিদ্যালয়ৰ শৈক্ষিক উৎকৰ্ষ, আন্তঃগাঁথনি উন্নয়ন আৰু গৱেষণাৰ ক্ষেত্ৰত শেহতীয়া অগ্ৰগতিৰ কথাও উল্লেখ কৰে। অসমৰ শেহতীয়া বানপানীৰ সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ে গ্ৰহণ কৰা সাহায্য আৰু সামাজিক দায়বদ্ধতাৰ কথাও তেওঁ উল্লেখ কৰে। বানপীড়িত অঞ্চলসমূহলৈ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা আগবঢ়োৱা সাহায্য-সহযোগিতাৰ লগতে ঐতিহাসিক মেধিজন শ্ৰী শ্ৰী গজলা সত্ৰৰ সাঁচিপাতৰ পুথিসমূহ সংৰক্ষণৰ ক্ষেত্ৰত লোৱা পদক্ষেপসমূহৰ বিষয়েও তেওঁ আলোকপাত কৰে। বানপানীৰ কাৰকসমূহ বিজ্ঞানসন্মত অধ্যয়নৰ বাবে গঠিত বিশেষ গৱেষণা দলৰ বিষয়েও তেওঁ উল্লেখ কৰে।

পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই সকলোকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি দেশৰ প্ৰতি দায়বদ্ধতাৰে নিজ নিজ ক্ষেত্ৰত কাম কৰি যাবলৈ আহ্বান জনায়।

উল্লেখ্যযোগ্য যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ে দেশৰ সমাজ আৰু জনজীৱনৰ প্ৰয়োজনৰ অৰ্থে অতীজৰে পৰাই প্ৰয়োজনীয় অৱদান আগবঢ়াই আহিছে। বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰ, আৱাস নিৱাস তথা বিভিন্ন স্থানতো পতাকা উত্তোলন কৰা হয়।

No comments

Powered by Blogger.