গুৱাহাটী বিশ্ববিদ্যালয়ত স্বচ্ছতা পখাৱাৰা উদযাপন :
গুৱাহাটী 15 জুলাই: গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন এছ এছ কোষ আৰু ৰেড ৰিবন ক্লাৱৰ উদ্যোগত তথা ‘সূৰুজমুখী’ আৰু এন আৰ এলৰ সহযোগত ১৪ জুলাইত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত স্বচ্ছতা পখাৱাৰা উদযাপন কৰা হয় । শিক্ষাৰ্থী আৰু স্বেচ্ছাসেৱকসকলৰ মাজত পৰিচ্ছন্নতা, স্বাস্থ্যবিধি, পৰিৱেশ সংৰক্ষণ আৰু সামাজিক দায়বদ্ধতাৰ প্ৰতি সজাগতা বৃদ্ধি কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচী আয়োজন কৰা হয়।
অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কয় যে পৰিচ্ছন্নতা কেৱল ব্যক্তিগত অভ্যাস নহয়, ই এক সামূহিক সামাজিক দায়িত্ব। তেওঁ এন এছ এছ স্বেচ্ছাসেৱকসকলক পৰিষ্কাৰ আৰু সুস্থ চৌহদ গঢ়ি তোলাৰ লগতে সমাজত পৰিচ্ছন্নতাৰ বাৰ্তা প্ৰচাৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
বিশ্ববিদ্যালয় শ্ৰেণীসমূহৰ সচিব তথা এন এছ এছৰ কাৰ্যসূচী সমন্বয়ক ড০ ৰঞ্জন কুমাৰ কাকতিয়ে আদৰণি ভাষণত স্বাস্থ্যবিধি, আৱৰ্জনা ব্যৱস্থাপনা আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত এন এছ এছ স্বেচ্ছাসেৱকসকলৰ ভূমিকা বিশেষভাৱে উল্লেখ কৰে। তেওঁ বিশ্ববিদ্যালয়ৰ বাহিৰেও স্থানীয় সমাজত পৰিচ্ছন্নতাৰ প্ৰতি জনসচেতনতা বৃদ্ধিৰ বাবে ধাৰাবাহিকভাৱে কাম কৰি যাবলৈ আহ্বান জনায়।
অনুষ্ঠানত ‘সূৰুজমুখী’ৰ সচিব হেমন্ত দত্ত আৰু অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ সহকাৰী সঞ্চালক পল্লৱ হাজৰিকাইও ভাষণ আগবঢ়াই পৰিচ্ছন্নতা আৰু পৰিৱেশ সংৰক্ষণত জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
পখাৱাৰাৰ অংশ হিচাপে এন এছ এছ স্বেচ্ছাসেৱক আৰু ৰেড ৰিবন ক্লাবৰ সদস্যসকলে বিশ্ববিদ্যালয় চৌহদত ব্যাপক পৰিচ্ছন্নতা অভিযান চলোৱাৰ লগতে ৰাজহুৱা স্থানসমূহ পৰিষ্কাৰ কৰে। লগতে সঠিকভাৱে আৱৰ্জনা নিষ্কাশন, একক ব্যৱহাৰযোগ্য প্লাষ্টিক বর্জন আৰু পৰিষ্কাৰ-পৰিচ্ছন্ন পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে সজাগতা অভিযান চলোৱা হয়।

No comments