Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

গুৱাহাটী বিশ্ববিদ্যালয়ত কবিগুৰুক স্মৰণ: বাংলা বিভাগৰ উদ্যোগত ৰবীন্দ্ৰ জয়ন্তী উদযাপন



গুৱাহাটী, মে' ১১ : বিশ্বকবি গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিৰসেউজ সৃষ্টি, চিন্তা আৰু মানৱতাবাদী দৰ্শনক সশ্ৰদ্ধ স্মৰণ কৰাৰ উদ্দেশ্যৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাংলা বিভাগত ‘ৰবীন্দ্ৰ জয়ন্তী' উদযাপন কৰা হয়। বন্তি প্ৰজ্জ্বলন আৰু বিশ্বকবিৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণেৰে আৰম্ভ হোৱা অনুষ্ঠানত বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে ৰবীন্দ্ৰনাথ ঠাকুৰৰ অমূল্য সৃষ্টিসমূহক বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে স্মৰণ কৰে। 

অনুষ্ঠানত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰদেৱৰ সৃষ্টিক সোঁৱৰণ কৰি বিভাগৰ মুৰব্বী অধ্যাপক সঞ্জয় ভট্টাচার্যই উল্লেখ কৰে যে, “আমি যিমানেই আধুনিক যুগত পদাৰ্পণ নকৰোঁ কিয়, ৰবীন্দ্ৰনাথ ঠাকুৰদেৱৰ সৃষ্টি  সদায় প্ৰাসংগিক হৈ থাকিব। তেওঁৰ সাহিত্য, সংগীত, শিক্ষা-দৰ্শন আৰু মানৱতাৰ বাণীয়ে যুগে যুগে সমাজক পথ দেখুৱাই থাকিব।”

অধ্যাপকা বিনীতা ৰাণী দাসেও ৰবীন্দ্ৰনাথৰ অসামান্য প্ৰতিভা, আধ্যাত্মিক চেতনা আৰু বিশ্বজনীন দৰ্শনৰ ওপৰত হৃদয়স্পৰ্শী বক্তব্য আগবঢ়ায়। 

মিতালী চৌধুৰী আৰু স্বাগতা ভৌমিকে আঁতধৰা উক্ত অনুষ্ঠানত সুগায়িকা ড⁰ ৰূপশ্ৰী দেবনাথে হৃদয়স্পৰ্শী ৰবীন্দ্ৰ সংগীত পৰিৱেশন কৰে। অনুষ্ঠানত শ্যামাশ্যাম কৃষ্ণপূজাৰী চট্টোপাধ্যায়, ড⁰ বৰুণ কুমাৰ সাহা, ড⁰ ৰমা দাস আৰু ড⁰ মুন্সী মহম্মদ সাইফুল আহমেদ সমন্বিতে গৱেষক আৰু ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। 

উল্লেখযোগ্য যে কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰৰ উদ্যোগত ৰবীন্দ্ৰ জয়ন্তী উপলক্ষে এক 'বিশেষ গ্ৰন্থ প্ৰদৰ্শনী'ৰো আয়োজন কৰা হয়। উক্ত প্ৰদৰ্শনীত ৰবীন্দ্ৰনাথ ঠাকুৰৰ সাহিত্য, সংগীত, শিক্ষা-দৰ্শন, সমাজচিন্তা আৰু বিশ্বমানৱতাবাদৰ সৈতে জড়িত বিভিন্ন মূল্যৱান গ্ৰন্থ, অমৰ সৃষ্টি 'গীতাঞ্জলি', উপন্যাস, নাটক, প্ৰবন্ধ সংকলন তথা তেওঁৰ জীৱন আৰু কৰ্মৰ ওপৰত ৰচিত গৱেষণাধৰ্মী পুথিসমূহ প্ৰদৰ্শন কৰা হয়।

No comments

Powered by Blogger.