অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ প্ৰাক্তন অধ্যক্ষ সূৰ্য্য কুমাৰ দাসৰ মৃত্যু
গুৱাহাটী ,১১ মে' : অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ প্ৰাক্তন অধ্যক্ষ, বিশিষ্ট সমাজকৰ্মী সূৰ্য্য কুমাৰ দাসৰ বাৰ্ধক্যজনিত কাৰণত ১০ মে'ৰ দিনা নিশা গুৱাহাটীৰ জাপৰিগোগ সুন্দৰপুৰস্থিত বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৮ বছৰ। মৃত্যুৰ সময়ত তেওঁ একমাত্ৰ পুত্ৰ তথা আমেৰিকাত চফটৱেৰ অভিযন্তা হিচাপে কৰ্মৰত শৈৱাল দাস, তিনিজনী জীয়ৰী, বোৱাৰী , জোৱাই , নাতি - নাতিনীসহ বহুসংখ্যক আত্মীয় - স্বজন এৰি থৈ যায়।
উল্লেখ্য যে এসময়ৰ মেধাৱী ছাত্ৰ হিচাপে পৰিচিত যোৰহাটৰ সেউনি আলী নিৱাসী, সূৰ্য্য কুমাৰ দাসে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰে যান্ত্ৰিক বিভাগত অভিযান্ত্ৰিক ডিগ্ৰী উৰ্ত্তীণ হোৱাৰ পাছত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদত সহকাৰী কাৰ্যবাহী অভিযন্তা হিচাপে কৰ্ম জীৱন আৰম্ভ কৰিছিল। তাৰ পাছত নিজৰ যোগ্যতা, দক্ষতা আৰু অভিজ্ঞতাৰ বলত পৰিষদৰ মুখ্য অভিযন্তা আৰু সদস্য ( কাৰিকৰী) পদ লাভ কৰিছিল। পৰৱৰ্তী ১৯৯৬ চনত তেওঁক ৰাজ্য চৰকাৰে দক্ষতাৰ ভিত্তিত পৰিষদৰ শীৰ্ষ পদ হিচাপে পৰিচিত অধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰিছিল।
সেই পদত তেওঁ ছয়মাহৰো অধিক দিন কাৰ্যনিৰ্বাহ কৰাৰ পাছত অৱসৰ গ্ৰহণ কৰে। অৱশ্যে অৱসৰ গ্ৰহণ কৰাৰ পাছত মৃত্যুৰ আগলৈকে তেওঁ বিভিন্ন সামাজিক , সাংস্কৃতিক সংগঠনৰ লগত জড়িত হৈ আছিল । তেওঁৰ মৃত্যুত বৃহত্তৰ জাপৰিগোগ অঞ্চলত গভীৰ শোকৰ ছাঁ পৰে আৰু বহু গুণমুগ্ধ লোকে আহি বাসগৃহত নশ্বৰ দেহত শেষ শ্ৰদ্ধা নিবেদন কৰে। আনহাতে তেওঁৰ একমাত্ৰ পুত্ৰ শৈৱাল দাস ১২ মে'ত আমেৰিকাৰ পৰা গুৱাহাটী আহি পোৱাৰ কথা আছে। তেওঁ আহি পোৱাৰ পাছত নৱগ্ৰহ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।

No comments