নৱৰূপ পুথিভঁৰালৰ ৰঙালী বিহুৰ লাইখুটা স্থাপন
গুৱাহাটী ,৩ মে' : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা থানা এলেকাৰ পূৱ ধাৰাপুৰ ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত অহা ৯ মে'ত এদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে । আনহাতে আজি আগন্তুক ৰঙালী বিহুৰ বিহুতলীৰ লাইখুঁটা স্থাপন কৰা হয়। মাংগলিক কাৰ্যৰ মাজেৰে শতাধিক লোকৰ উপস্থিতিত লাইখুঁটা স্থাপন কৰে ৰঙালী বিহু সন্মিলনীৰ কাৰ্যকৰী সভাপতি তৰুণ চন্দ্ৰ দাসে ।
আনহাতে অহা ৯ মে'ত আগন্তুক ৰঙালী বিহুৰ লগত সংগতি ৰাখি দিনৰ ১১ বজাৰ পৰা ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা , বিয়লি ২.৩০ বজাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীতৰ আধাৰত আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হব। সন্ধিয়া ৭.৩০ বজাত সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী মুকলি কৰিব বিশিষ্ট সংগীত শিল্পী ইবচন লাল বৰুৱাই।
তাৰ পাছত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব সংগীত শিল্পী চন্দন দাসে। নিশা ৮ বজাৰ পৰা অনুষ্ঠিত হবলগীয়া সাংস্কৃতিক কাৰ্যসূচীত নৱ প্ৰজন্মৰ জনপ্ৰিয় শিল্পী অখিল ভৈৰৱ আৰু ইন্দ্ৰাণী তালুকদাৰকে ধৰি কেবাজনো ন -পুৰণি শিল্পীয়ে সংগীত পৰিৱেশন , ৰঙিয়াৰ নৱসূৰুজ বিহুৱা দলৰ বিহু হুঁচৰিকে ধৰি জনগোষ্ঠীয় শিল্পীৰ দলে নৃত্য প্ৰদৰ্শন কৰিব ৰ ।
আনহাতে বিহুৰ কাৰ্যসূচী সুচাৰুভাৱে সম্পন্ন কৰাৰ বাবে সমাজকৰ্মী দেবেন চন্দ্ৰ দাসক সভাপতি, তৰুণ চন্দ্ৰ দাস আৰু পৰেশ বৰুৱাক কাৰ্যকৰী সভাপতি , প্ৰণৱ দাস আৰু দীপক কলিতাক সাধাৰণ সম্পাদক , তপন দাসক সাংস্কৃতিক বিভাগৰ সভাপতি , ধীৰাজ কুমাৰ দাস , কুশল দাস আৰু খগেন শৰ্মাক সম্পাদক হিচাপে লৈ এখন ৩১ জনীয়া কাৰ্যকৰী কমিটি গঠন কৰা হৈছে । বিহুৰ কাৰ্যসূচীত সমূহ ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা কামনা কৰিছে সাধাৰণ সম্পাদক প্ৰণৱ দাসে।

No comments