গুৱাহাটী প্ৰেছ ক্লাবত সুলেখিকা ডঃ মীনা কলিতাৰ দুখন গ্ৰন্থ উন্মোচন
গুৱাহাটী ,৩ মে' : সুলেখিকা আৰু কামৰূপ জিলাৰ ৰঙিয়াস্থিত মানবেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপিকা ডঃ মীনা কলিতাৰ দুখন গ্ৰন্থ "একুকি প্ৰবন্ধ" আৰু "বাৰ বৰেণ্য জীৱনালেখ্য" আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক অনুষ্ঠানত উন্মোচন কৰা হয়। বহুসংখ্যক সাহিত্যপ্ৰেমীৰ উপস্থিতিত আয়োজিত গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটোত গ্ৰন্থ দুখন উন্মোচন কৰে ক্ৰমে - বিশিষ্ট সাহিত্যিক - শিক্ষাবিদ ডঃ দয়ানন্দ পাঠক আৰু বিশিষ্ট কবি ডঃ পূৰ্ণ ভট্টাচাৰ্য্যই।
এই উপলক্ষে গুৱাহাটীৰ মঠঘৰীয়া স্বৰ্ণ শাখা সাহিত্য সভাৰ সভাপতি অনিল চন্দ্ৰ চৌধুৰীয়ে বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰা অনুষ্ঠানটোৰ আঁত ধৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপিকা ডঃ ধৃতি মহন্তই আৰু সভাপতিত্ব কৰে মঠঘৰীয়া স্বৰ্ণ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ঘনশ্যাম শইকীয়াই।
আনহাতে নিউ গুৱাহাটী আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নিধন চন্দ্ৰ বৰ্মনৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত এটি বৰগীত পৰিবেশন কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এনাটমী বিভাগৰ অধ্যাপিকা ডাঃ কৰবী গোস্বামীয়ে। অনুষ্ঠানত ডঃ দয়ানন্দ পাঠকে ভাষণ প্ৰসংগত লেখিকা ডঃ মীনা কলিতাৰ সাহিত্য প্ৰতিভাৰ উচ্চ প্ৰশংসা কৰি গ্ৰন্থ দুখন পাঠক ৰাইজে আদৰি লব বুলি আশা ব্যক্ত কৰে।
তেনেদৰে ডঃ পূৰ্ণ ভট্টাচাৰ্য্যই ভাষণ প্ৰসংগত ডঃ মীনা কলিতাই অধ্যাপনা বৃত্তিত জড়িত থাকিও কেবাখনো গ্ৰন্থ ৰচনা কৰি পাঠক ৰাইজক উপহাৰ দিয়া বিষয়টোৰ শলাগ লয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মানবেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সঞ্জীৱ কুমাৰ বৰ্মনে কয় যে মহাবিদ্যালয়ৰ শিক্ষকতাৰ দৰে ব্যস্ত বৃত্তিত নিয়োজিত হোৱাৰ সমান্তৰালভাৱে নীৰৱে ডঃ মীনা কলিতাই সাহিত্যৰ ক্ষেত্ৰখনতো প্ৰতিভাৰ চানেকি দাঙি ধৰিবলৈ সক্ষম হৈছে।
অনুষ্ঠানত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকি বিশিষ্ট সাহিত্যিক ডঃ ধৰণীধৰ গোস্বামীয়ে মীনা কলিতাৰ দুয়োখন গ্ৰন্থৰ বিষয়বস্তুৰ ওপৰত আলোকপাত কৰি ভাষণ প্ৰসংগত সাম্প্ৰতিক সময়ত সাহিত্যৰ ক্ষেত্ৰখনত আহি পৰা বিভিন্ন পৰিবৰ্তন - প্ৰত্যাহ্বান আদিৰ বাখ্যা দাঙি ধৰে। অনুষ্ঠানত লেখিকা ডঃ মীনা কলিতাই গ্ৰন্থ দুখন সন্দৰ্ভত নিজৰ অভিজ্ঞতা - অনুভৱ ব্যক্ত কৰি কয় যে পাঠক ৰাইজে গ্ৰন্থ দুখন আদৰি ললে কষ্টৰ সাৰ্থক হব ।
অনুষ্ঠানত মঠঘৰীয়া স্বৰ্ণ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতিত্ৰয় হৰগোবিন্দ মহন্ত, মথুৰা ডেকা আৰু কামেশ্বৰ কলিতা , বিশিষ্ট শিক্ষাবিদ সুৰেশ ডেকা , ৰুবী তালুকদাৰকে কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

No comments