Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

গড়ল - ভট্টাপাৰাৰ ৰাণী চাপৰি মনসা মন্দিৰত পাচদিনীয়াকৈ শ্ৰী শ্ৰী মনসা পূজাৰ আয়োজন


গুৱাহাটী , ৩ মে'  : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা থানা এলেকাৰ গড়ল - ভট্টাপাৰাস্থিত ৰাণী চাপৰি শ্ৰী শ্ৰী মনসা মন্দিৰত অহা ৫ মে'ৰ পৰা ৯ মে'লৈ পাঁচদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰীমনসা পূজাৰ আয়োজন কৰা হৈছে। পূজাৰ কাৰ্যসূচী সূচাৰুৰূপে পৰিচালনাৰ বাবে অখিল বৈশ্যক সভাপতি, শৰৎ বৰুৱা আৰু ভূপেন বৰুৱাক উপ-সভাপতি, সুভাষ কলিতাক সাধাৰণ সম্পাদক , নাৰায়ণ দাসক মুখ্য উপদেষ্টা, বিজুমণি দাস (মন্দিৰ) ,আৰু ভূপেন বৰুৱা ( চাপৰি) ক পূজাব্ৰতী, মাধৱ চন্দ্ৰ দাসক পূজাব্ৰতী সহায়ক,  হৰমোহন দাসক ধন ভঁৰালী  হিচাপে লৈ মনসা পূজা পৰিচালনা কমিটিখন গঠন কৰা হৈছে। 

আনহাতে  মনসা পূজাৰ কাৰ্যসূচী অনুসৰি  ৫ মে'ৰ দিনা সন্ধিয়া ৫ বজাত দেৱীৰ অধিবাস আৰু ওজাপালি। তেনেদৰে ৬ মে'   তথা মূল পূজাৰ দিনা পুৱাৰে পৰা জলযাত্রা, ঘট স্থাপন, পূজা আৰম্ভ, দূপৰীয়া ১২ বজাৰ পৰা উচৰ্গা আৰু বলিদান, ১ বজাৰ পৰা হোমাগ্নি, পূর্ণাহুতি, পুষ্পাঞ্জলি আৰু শান্তি আৰু প্ৰসাদ, ভোগ বিতৰণ, নিমন্ত্রিত ব্যক্তিৰ অভ্যর্থনা আৰু নিশা ৮ বজাত ওজাপালি অনুষ্ঠিত হব।  ৭ মে'ৰ দিনা  পুৱাৰে পৰা পূজা আৰম্ভ, পুষ্পাঞ্জলি, বিয়লি ১ বজাৰ পৰা মহিলাৰ নাগাৰা নাম , ২.৩০ বজাৰ পৰা নিমন্ত্রিত ব্যক্তিৰ অভ্যর্থনা, সন্ধিয়া ৬.৩০ বজাৰ পৰা আৰতি আৰু নিশা ৮ বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব।

 ৮ মে'ৰ দিনা  পুৱাৰে পৰা পূজা আৰম্ভ, পুষ্পাঞ্জলি, বিয়লি  ১ বজাৰ পৰা পুৰুষৰ নাগাৰা নাম, ২ বজাৰ পৰা নিমন্ত্রিত ব্যক্তিৰ অভ্যর্থনা, সন্ধিয়া ৬.৩০ বজাত আৰতি আৰু নিশা ৮ বজাৰ পৰা নিমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব । ৯ মে অন্তিম দিনা পুৱাৰে পূজা আৰম্ভ, পূজা সমাপন আৰু ঘট বিসর্জন,  বিয়লি ৩ বজাৰ পৰা আনুষংগিক প্রতিমা বিসর্জন আৰু নগৰ সংকীৰ্তন  কৰা হব। নিশা ৭ বজাত নিৰ্মালি বিতৰণ কৰা হব। আনহাতে পূজাৰ সমূহ কাৰ্যসূচীত ভক্তপ্ৰাণ ৰাইজৰ সহায়-সহযোগিতা তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে পূজা পৰিচালনা কমিটিয়ে।

No comments

Powered by Blogger.