Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

বাৰিষাৰ পূৰ্বে নলা নৰ্দমা পৰিস্কৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদান আজাৰা ছাত্ৰ সন্থাৰ

 গুৱাহাটী: ৩০ মে' :: গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ আজাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ আজাৰা অঞ্চলৰ আৱাসিক এলেকাৰ মাজত থকা নলা-নৰ্দমাসমূহ আৱৰ্জনাৰে ভৰি পৰাৰ ফলত অতিৰিক্ত পানী পৰিবহনত প্ৰত্যাহ্বান আহি পৰাত স্থানীয় ৰাইজ ভীষণ হাৰাশাস্তিৰ সন্মুখীন হৈছে । উল্লেখনীয় যে আজাৰা অঞ্চলৰ মাজেৰে বৈ যোৱা ঐতিহাসিক কালমণি নৈখন সম্প্ৰতি নিশ্চিহ্ন হোৱাৰ দিশে গতি কৰিছে । 

একাংশ অসাধু লোকে নিজ গৃহ কিম্বা ব্যৱসায়িক প্ৰতিষ্ঠানৰ লেতেৰা আৱৰ্জনাসমূহ কালমণি নৈখনত পেলাই থকাৰ ফলত অতিৰিক্ত পানীৰ পৰিবহণ স্তব্ধ হৈ পৰিছে । ইয়াৰ সমান্তৰালকৈ বৃহত্তৰ আজাৰা অঞ্চলৰ আৱাসিক এলেকাৰ মাজত থকা প্ৰতিটো নলা-নৰ্দমা আৱৰ্জনাৰে ভৰি পৰিছে । যাৰ ফলত সাধাৰণ এজাক বৰষুণ দিলেই বৃহত্তৰ আজাৰা অঞ্চলৰ মূল যাতায়াত পথসমূহ বৰষুণৰ পানীত বুৰ যায় । বৰষুণ দিলেই স্থানীয় ৰাইজ যাতায়াতৰ ক্ষেত্ৰত প্ৰায়েই ভীষণ হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে । 

ইপিনে বৃহত্তৰ আজাৰা অঞ্চলৰ মাজেৰে বৈ যোৱা ঐতিহাসিক কালমণি নৈখন আৰু আজাৰা অঞ্চলৰ আৱাসিক এলেকাৰ মাজত থকা নলা-নৰ্দমাসমূহৰ সৈতে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ এক সম্পৰ্ক আছে । বৰষুণ দিলে কালমণি নৈখনকে ধৰি আজাৰা অঞ্চলৰ মাজত থকা নলা-নৰ্দমাসমূহৰ পানী বৈ গৈ সাধাৰণতে দীপৰ বিলত পৰে । যদিহে আজাৰা অঞ্চলৰ মাজেৰে বৈ যোৱা ঐতিহাসিক কালমণি নৈ আৰু নলা নৰ্দমাৰ পানী পৰিবহনত প্ৰত্যাহ্বান আহি পৰে, তেন্তে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ চৌদিশ অতিৰিক্ত পানীৰে উপচি পৰে । যাৰ ফলত এক সাংঘাতিক পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে ।

 তেনেক্ষেত্ৰত আগন্তুক বাৰিষাৰ সময়ছোৱাত যাতে পানীৰ প্ৰতিবন্ধকতা, অস্বাস্থ্যকৰ পৰিৱেশ আৰু বিভিন্ন বেমাৰৰ কাৰক হৈ নুঠে, তাৰ বাবে বৃহত্তৰ আজাৰা অঞ্চলৰ মাজেৰে বৈ যোৱা কালমণি নৈখনকে ধৰি আৱাসিক এলেকাৰ মাজত থকা নলা নৰ্দমাসমূহ অতি শীঘ্ৰে পৰিষ্কাৰ আৰু সঠিক নিষ্কাশনৰ ব্যৱস্থা কৰাৰ বাবে কালি আজাৰা ছাত্ৰ সন্থাই আজাৰা ৰাজহ চক্ৰ বিষয়া (সংলগ্ন) বিপুল ডেকাক এখন স্মাৰক পত্ৰ প্ৰদান কৰে । আজাৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ডেকাই স্মাৰক পত্ৰ গ্ৰহণ কৰি অতি সোনকালে পৰ্যায়ক্ৰমে নলা নৰ্দমাসমূহ পৰিস্কাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আজাৰা ছাত্ৰ সন্থাক প্ৰতিশ্ৰুতি দিয়ে । 

উল্লেখ্য যে আজি আজাৰা ছাত্ৰ সন্থাৰ হৈ সভাপতি হীৰক জ্যোতি মালী, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক মহাৰ্ণৱ বৰুৱা, আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক তথা আজাৰা ছাত্ৰ সন্থাৰ উপদেষ্টা অলকেশ নাথ, সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক তথা আজাৰা ছাত্ৰ সন্থাৰ  উপদেষ্টা ডিম্পল মেধি, আজাৰা ছাত্ৰ সন্থাৰ উপদেষ্টাদ্বয় ক্ৰমে বিশ্বজিৎ দাস আৰু হীৰক দাসকে ধৰি আজাৰা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।

No comments

Powered by Blogger.