বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে গোলাঘাটত কেইৰ্ণৰ সজাগতামূলক অনুষ্ঠান
গোলাঘাট, মে’ ৩০, ২০২৬: বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে কেইৰ্ণ (Vedanta Oil & Gas)ৰ উদ্যোগত তথা District Narcotics Control Bureau (DNCB)ৰ সহযোগত বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক সচেতনতামূলক কাৰ্যসূচীৰ আয়োজন কৰে। ধঁপাত, নিকোটিন আসক্তি আৰু মাদক দ্ৰব্যৰ কু-ফল সম্পৰ্কে যুৱ সমাজক সজাগ কৰাৰ উদ্দেশ্যে আয়োজিত উক্ত অনুষ্ঠানত ১৬খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৬০০ৰো অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।
এই বৰ্ষৰ বিশ্ব ধঁপাত বিৰোধী দিৱসৰ মূল বিষয়বস্তু 'Unmasking the Appeal: Countering Nicotine and Tobacco Addiction'ৰ সৈতে সংগতি ৰাখি শিক্ষাৰ্থীসকলক ধঁপাত আৰু নিকোটিনজাতীয় সামগ্ৰীৰ ক্ষতিকাৰক প্ৰভাৱৰ লগতে যুৱ সমাজক লক্ষ্য কৰি চলোৱা বিভিন্ন প্ৰলোভনমূলক বিজ্ঞাপনৰ কৌশল সম্পৰ্কেও অৱগত কৰা হয়।
অনুষ্ঠানৰ অংশ হিচাপে নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ মাজত এখন ব্লক-লেভেলৰ কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। প্ৰতিযোগিতাই অংশগ্ৰহণকাৰীসকলৰ মাজত জনস্বাস্থ্য, আসক্তি আৰু ধঁপাত তথা মাদক দ্ৰব্যৰ সামাজিক প্ৰভাৱ সম্পৰ্কে জ্ঞান বৃদ্ধিত সহায় কৰে।
ধঁপাত সেৱন আজিও বিশ্বব্যাপী এক গুৰুতৰ জনস্বাস্থ্যজনিত সমস্যা হিচাপে পৰিগণিত। এই প্ৰেক্ষাপটত কিশোৰ-কিশোৰী আৰু যুৱ সমাজৰ মাজত সচেতনতা বৃদ্ধি আৰু সুস্থ জীৱনশৈলীৰ প্ৰচাৰ বিশেষভাৱে গুৰুত্বপূৰ্ণ। এই উদ্যোগ হৈছে কেইৰ্ণৰ হাজৰিগাঁও কাৰ্যাঞ্চলত চলি থকা সামুদায়িক উন্নয়নমূলক কাৰ্যসূচীৰ অংশ। উল্লেখযোগ্য যে স্বাস্থ্য, শিক্ষা আৰু সামগ্ৰিক সমাজ কল্যাণৰ ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন আনিবলৈ সংস্থাটোৱে ধাৰাবাহিকভাৱে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে।
বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পুলিন শইকীয়াদেৱে এই পদক্ষেপৰ শলাগ লৈ উল্লেখ কৰে যে, "অনুষ্ঠানটোৱে শিক্ষাৰ্থীসকলৰ মাজত ধঁপাত আৰু মাদক দ্ৰব্যৰ ক্ষতিকাৰক প্ৰভাৱ সম্পৰ্কে সচেতনতা বৃদ্ধিত ফলপ্ৰসূ ভূমিকা পালন কৰিছে। লগতে কুইজ প্ৰতিযোগিতাই শিক্ষাৰ্থীসকলৰ জ্ঞান বিকাশ আৰু আত্মপ্ৰকাশৰ ক্ষেত্ৰত এক উপযোগী মঞ্চ প্ৰদান কৰিছে।"
উল্লেখ্য যে, জনস্বাস্থ্য সচেতনতা বৃদ্ধিৰ ক্ষেত্ৰত কেইৰ্ণে পূৰ্বৰ পৰাও বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। বিগত বৰ্ষত বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে যোৰহাটত আয়োজিত পোষ্টাৰ অংকন প্ৰতিযোগিতাত শিক্ষাৰ্থীসকলক ধঁপাতৰ অপকাৰিতা সম্পৰ্কে সৃষ্টিশীলভাৱে মত প্ৰকাশৰ সুযোগ প্ৰদান কৰিছিল।
সচেতনতা আৰু অংশগ্ৰহণমূলক কাৰ্যসূচীৰ জৰিয়তে সুস্থ, সজাগ আৰু দায়িত্বশীল সমাজ গঢ়াৰ ক্ষেত্ৰত কেইৰ্ণে পূৰ্বৰ দৰেই আগন্তুক দিনতো এনে প্ৰচেষ্টা অব্যাহত ৰাখিব।


No comments