Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

দুদিনীয়া কাৰ্যসূচীৰে দেউছটালত ৩৮ সংখ্যক ৰঙালী বিহুৰ আয়োজন


গুৱাহাটী,২৩ এপ্ৰিল : গুৱাহাটীৰ দীপৰ বিলৰ কাষৰীয়া দেউছটাল ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত অহা ২৫ আৰু ২৬ এপ্ৰিলত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নৱজ্যোতি সংঘ খেলপথাৰত ৩৮ সংখ্যক ৰঙালী বিহুৰ আয়োজন কৰা হৈছে ।

 বিহুৰ লগত সংগতি ৰাখি বিভিন্ন থলুৱা খেল - ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হব। তেনেদৰে ২৫ এপ্ৰিলত জনপ্ৰিয় কণ্ঠশিল্পী মাধৱজ্যোতি ৰাজখোৱা আৰু ২৬ এপ্ৰিলত জনপ্ৰিয় কণ্ঠশিল্পী মৰ্মিতা মিত্ৰকে ধৰি বিহুৰ দুয়োদিনা নিশা অনুষ্ঠিত হবলগীয়া সাংস্কৃতিক অনুষ্ঠানত কেবাজনো ন-পুৰণি শিল্পীয়ে গীত পৰিবেশন কৰিব । 

আনহাতে কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে সমাজকৰ্মী বিনন ৰংপীক সভাপতি, অশোক থাপাক কাৰ্যকৰী সভাপতি, বীৰেশ্বৰ ৰংপী, বলেশ্বৰ ৰংপী আৰু বিজয় বড়োক সাধাৰণ সম্পাদক , সুশীল থাপা , টেক বাহাদুৰ লিম্বু , মৃদুল বড়ো আৰু দিগন্ত মেধিক উপ সভাপতি, সঞ্জীৱ মেধি, জিতেন ৰংপী আৰু ৰাজীৱ লিম্বুক সাংস্কৃতিক বিভাগৰ সভাপতি হিচাপে লৈ ৩৮ সংখ্যক দেউছটাল ৰঙালী বিহু সন্মিলনীৰ কাৰ্যকৰী কমিটিখন গঠন কৰা হৈছে ।

No comments

Powered by Blogger.