পামহীৰ পাৰিজাত একাডেমীত অভিযন্তা অংকুৰ বৰাৰ সোঁৱৰণত প্ৰাৰ্থনা সভা
গুৱাহাটী ,২৭ এপ্ৰিল : গুৱাহাটীৰ গড়চুকৰ কাষৰীয়া পামহীস্থিত পাৰিজাত একাডেমীত ২৫ এপ্ৰিলৰ দিনা অসম সন্তান, আমেৰিকাৰ দালাছত কৰ্মৰত অভিযন্তা অংকুৰ বৰাৰ সোঁৱৰণত এখন প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়। উল্লেখ্য যে সমাজৰ বঞ্চিত, অৱহেলিত শিশু সকলৰ শৈক্ষিক উত্তৰণৰ হকে কাম কৰি অহা পাৰিজাত একাডেমীৰ সৈতে দীৰ্ঘদিন জড়িত অংকুৰ বৰাৰ যোৱা ১৫ এপ্ৰিলত আমেৰিকাৰ হাউছটন হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল।
আনহাতে একাডেমী চৌহদত অনুষ্ঠিত প্ৰাৰ্থনা সভাৰ আৰম্ভণিতে অংকুৰ বৰাৰ প্ৰতি আমেৰিকাৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে তেওঁৰ সহধৰ্মিনী অঞ্জনা বৰাই। সভাত পাৰিজাত একাডেমীৰ প্ৰতিষ্ঠাপক উত্তম টেৰণ, বিশিষ্ট শিক্ষাবিদ ডঃ শান্তিকাম হাজৰিকা , ফাদাৰ লুকোছ চেৰুভালেল, অংকিতা দাসকে ধৰি কেইবাজনেও অংকুৰ বৰাৰ জীৱনাদৰ্শৰ ওপৰত আলোকপাত কৰি কয় যে আমেৰিকাত থাকিলেও তেওঁ অসম আৰু অসমীয়াৰ প্ৰতি অতিশয় সদয় আছিল। অসমলৈ আহিলে পাৰিজাত একাডেমীলৈ আহি শিশু সকলৰ সৈতে সময় অতিবাহিত কৰিছিল।
সভাত অংকুৰ বৰাৰ সোঁৱৰণত প্ৰকাশ কৰা "Same Boat Brother" শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে ডঃ শান্তিকাম হাজৰিকাই । সভাৰ লগত সংগতি ৰাখি স্থানীয় মহিলা সকলে নাম পৰিবেশন কৰে। সভাত ফ্ৰেণ্ডছ অৱ আছাম এণ্ড চেভেন চিষ্টাৰছৰ জয়ন্ত বৰ্মন, আই আই ইৰ প্ৰাক্তন সঞ্চালক মনোজ দাস, আশা দৰ্শন ট্ৰাষ্টৰ নিৰ্মলা ৰাভা, মিছন বিৰুবালাৰ সম্পাদিকা অনমিকা বৰুৱা, জীৱন ইনিচিয়েটিভৰ প্ৰতিষ্ঠাপক সুৰেশ গোডুকা, ড° বুলজিৎ বুঢ়াগোহাঁই,বিদ্যানন্দ বৰকাকটি আৰু কবিতা বৰকাকতি , ইমতিয়াজ ৰহমান হাজৰিকা, মাছৰুম ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক প্ৰাঞ্জল বৰুৱাকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তি, একাডেমীৰ শিক্ষক - শিক্ষাৰ্থীসকল উপস্থিত আছিল।
No comments