ম্যালিগাও আদিংগিৰীত ৰঙালী বিহু সন্মিলনী
গুয়াহাটি ১৬ এপ্ৰিল : মহানগৰীৰ মালিগাঁৱৰ সমীপৰ আদিংগিৰী যুৱ কৃষ্টি সংঘৰ উদ্যোগত ১৭ এপ্ৰিলত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বৃহত্তৰ আদিংগিৰী ৰঙালী বিহু সন্মিলনী। এই উপলক্ষে পুৱা ১০ বজাত বিহুৰ পতাকা উত্তোলন কৰিব বিহু সন্মিলনীৰ উদযাপন সমিতিৰ সভাপতি তথা বিশিষ্ট সমাজকৰ্মী তথা অৱসৰী পৰিবহন বিষয়া গৌতম দাসে। বিশেষ অতিথি হিচাপে উপস্থিত থাকিব ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ,অসম ক্ষেত্ৰৰ সহ সেৱা প্ৰমূখ সুৰেন্দ্ৰ তালখেকৰ ৷ ইয়াৰ পিছতে দিনজোৰা কাৰ্যসূচী অনুসৰি অনুষ্ঠিত হ’ব ক্ৰমান্বয়ে বৃক্ষৰোপণ, খেল ধেমালি, চিত্ৰাংকন, দলীয় নৃত্য, বঁটা বিতৰণী সভা আৰু কৃতী ছাত্ৰছাত্ৰীক সম্বৰ্ধনা আৰু অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাৰ্ঘ নিৱেদন ৷ সন্ধিয়া ৬.৩০ বজাত সাংস্কৃতিক সন্ধিয়া আৰু সম্বৰ্ধনা অনুষ্ঠান। সাংস্কৃতিক সন্ধিয়া মুকলি কৰিব বিশিষ্ট অভিনেতা অৰুন হাজৰিকাই। সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ ৰূপা কাশ্যপ, প্ৰাণজিৎ বৈশ্য আদি।

No comments