Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

পানাৰা আঞ্চলিক ৰঙালী বিহুৰ সোণালী জয়ন্তী উদযাপন


বাইহাটা চাৰিআলি, এপ্ৰিল ১৭, ২০২৬ : দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ১৪ আৰু ১৫ এপ্ৰিল, ২০২৬ তাৰিখে উদিত সূৰুয সংঘৰ উদ্যোগত কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত পানাৰা আঞ্চলিক ৰঙালী বিহুৰ সোণালী জয়ন্তী উদযাপন কৰা হয়। 

সংঘৰ পতাকা উত্তোলনেৰে আৰম্ভ হোৱা প্ৰথম দিনৰ কাৰ্যসূচীত সোণালী জয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি বিভিন্ন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত পঞ্চাশখন বিহু পতাকা উত্তোলন কৰা হয়। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই আয়োজন কৰা সদৌ অসম ভিত্তিক 'জুবিন গাৰ্গৰ সংগীত প্ৰতিযোগিতা'ত বিভিন্ন প্ৰান্তৰ অৰ্ধ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। বিশিষ্ট জ্যেষ্ঠ চিকিৎসক তথা নেমকেয়াৰ হস্পিতালছৰ মেনেজিং ডিৰেক্টৰ ডাঃ হিতেশ বৰুৱাক শিক্ষক, সমাজসেৱক 'অক্ষয় চৰণ দত্ত সোঁৱৰণী আজীৱন সমাজসেৱক বঁটা' প্ৰদান কৰা হয়। 

বঁটা গ্ৰহণ কৰি তথা অশোক কুমাৰ দত্তৰ পৰিচালনাৰে নিৰ্মিত সোণালী জয়ন্তী উদযাপনৰ মূল সংগীতটো মুকলি কৰি ডাঃ হিতেশ বৰুৱাই ধন্যবাদমূলক বাৰ্তা প্ৰদানত উল্লেখ কৰে যে, "পানাৰাৰ দৰে সংস্কৃতি সমৃদ্ধ স্থানত সোণালী জয়ন্তী উদযাপনত অংশগ্ৰহণ কৰি আৰু মূল সংগীতটো মুকলি কৰাৰ সুযোগ পাই মই আপ্লুত। মই বিশ্বাস কৰোঁ এনে উদ্যোগে আমাৰ পৰম্পৰা, সংস্কৃতি আৰু সমাজসেৱাৰ মানসিকতা আগবঢ়াই নিয়াত গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰে। এই সন্মান মোৰ বাবে এক গভীৰ গৌৰৱৰ বিষয়। উক্ত সন্মানৰ বাবে আয়োজকসকললৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।" 

দ্বিতীয় দিনা অসমৰ বিভিন্ন সংস্কৃতিক সামৰি আয়োজন কৰা এক বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাত প্ৰায় দুই শতাধিক লোকে অংশগ্ৰহণ কৰি অসমৰ কৃষ্টি সংস্কৃতিৰ গৌৰৱক প্ৰতিফলিত কৰে। অসমৰ লোক সংস্কৃতিৰ বিভিন্ন দিশক সাঙুৰি লোৱা 'একতাৰ সুৰ' অৰ্কেষ্ট্ৰা গ্ৰুপে নিজৰ প্ৰদৰ্শন কৰে। বিশিষ্ট অভিনেতা হিৰণ্য ডেকাই সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধন কৰে। বিশিষ্ট চলচ্চিত্ৰ পৰিচালক প্ৰণৱ ভৰালীয়ে সোণালী জয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰি উলিওৱা 'প্ৰভাতী পানাৰা' শীৰ্ষক স্মৃতিগ্ৰন্থখন উন্মোচন কৰে। দুদিনীয়া কাৰ্যসূচীত বিশিষ্ট অভিনেতা প্ৰনৱ দত্তকে প্ৰমুখ্য কৰি বহুতো লোক উপস্থিত থাকে। 

সোণালী জয়ন্তী উদযাপন সমিতিৰ সম্পাদক অপূৰ্ব দত্ত আৰু ৰাহুল দত্তই বিশেষভাৱে কমলপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক দিগন্ত কলিতা তথা বিহু উদযাপনত সহায় সহযোগিতা কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰে। সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণৰূপে অসমৰ স্বনামধন্য শিল্পী নেকিব উপস্থিত থাকে। 

১৯৭০ চনৰে পৰাই পানাৰা শিল্পী সংঘ আৰু বৰ্তমান উদিত সূৰুয সংঘৰ উদ্যোগত অনুষ্ঠিত উক্ত বিহুৱে প্ৰতিষ্ঠাকালৰে পৰাই সাহিত্য, সংস্কৃতি তথা সমাজ গঢ়াত উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে।

No comments

Powered by Blogger.